NORTHEAST NOW (Assamese)
দেশ

ক’ভিদ সংক্ৰমণ বৃদ্ধি: মাৰাথন ৰেলী বাতিল কৰিলে কংগ্ৰেছে; ‘নিৰ্ভীক’ মোদীৰ পঞ্জাৱত বৃহৎ সমদলৰ লক্ষ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2022 2:20 pm
Ladki Hoon, Lad Sakti Hoon

সমগ্ৰ দেশতে বৰ্ধিত ক’ভিদ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে উত্তৰ প্ৰদেশত ‘লড়কি হুঁ, লড় সকতি হুঁ’ শীৰ্ষক মাৰাথন ৰেলী স্থগিত ৰাখিছে।

ৰাষ্ট্ৰীয় সংবাদ সংস্থা ANI ৰ মতে, আগন্তুক কেইদিনমানৰ ভিতৰত কংগ্ৰেছে নয়ডা, বাৰাণসী আৰু ৰাজ্যখনৰ অন্যান্য জিলাসমূহত প্ৰায় আঠটা মাৰাথন ৰেলী অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু দেশত ক’ভিদৰ তৃতীয় লহৰৰ আশংকাত এতিয়া এই ৰেলীসমূহ পিছুৱাই দিয়া হৈছে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইয়াৰ ‘লড়কি হুঁ, লড় সকতি হুঁ’ প্ৰচাৰৰ অংশ হিচাপে ৰাজ্যজুৰি মাৰাথন অনুষ্ঠিত কৰি আছিল।

বৰ্তমানলৈকে কংগ্ৰেছে মিৰাট (১৯ ডিচেম্বৰ), ঝান্সি (২৬ ডিচেম্বৰ), লক্ষ্ণৌ (২৮ ডিচেম্বৰ) আৰু বৰেলী (৪ জানুৱাৰী)ত এই ৫ কিলোমিটাৰ মাৰাথন অনুষ্ঠিত কৰিছে।

ঝান্সি আৰু লক্ষ্ণৌত ১০,০০০ ৰো অধিক দৌৰবিদে ৰেলীত ভাগ লৈছিল বুলি জানিব পৰা গৈছে।

ইফালে, বৰ্দ্ধিত ক’ভিদ পৰিস্থিতিৰ প্ৰতি কংগ্ৰেছে সজাগতা প্ৰদৰ্শন কৰিলেও ইয়াক লৈ মুঠেও চিন্তিত নহয় মোদী।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে দুবছৰৰ ব্যৱধানৰ পিছত পঞ্জাৱ ভ্ৰমণ কৰিব। তেওঁ ফিৰোজপুৰত ভাৰতীয় জনতা পাৰ্টীৰ এক ৰেলী সম্বোধন কৰিব।

তিনি লাখতকৈও অধিক লোকৰ প্ৰত্যাশিত ভিৰৰ সৈতে ই ৰাজ্যখনত আটাইতকৈ ডাঙৰ অনুষ্ঠান হ’ব বুলি দাবী কৰিছে বিজেপি নেতৃত্বই।