NORTHEAST NOW (Assamese)

ল’কডাউনৰ মাজতে হাইদৰাবাদত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 19, 2020 12:18 pm · ৰিদিপ শৰ্মা
Updated: April 19, 2020 12:19 pm

কামৰ সন্ধানত নগাঁও জিলাৰ কলিয়াবৰৰ পৰা হাইদৰাবাদলৈ যোৱা এজন যুৱকৰ মৃত্যুৰ বাতৰিয়ে কলিয়াবৰৰ ভেচেলিমাৰী গাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা অনুসৰি ভেচেলিমাৰী গাঁৱৰ শাৰীৰিক ভাৱে অক্ষম গোলাপ সুত আৰু নিৰুমাই সুতৰ কনিষ্ঠ পুত্ৰ ১৮ বছৰীয়া প্ৰশান্ত সুতে যোৱা ১৪ এপ্ৰিলত হাইদৰাবাদৰ এটা ভাড়া ঘৰত আত্মহত্যা কৰে।

হায়দৰাবাদ আৰক্ষীৰ লগতে মৃত প্ৰশান্তৰ কোনো বন্ধুৱে তেওঁৰ পৰিয়ালৰ লোকক ঘটনা সৰ্ম্পকে অৱগত কৰে বুলি জানিব পৰা গৈছে। ইফালে হায়দৰাবাদ আৰক্ষীয়ে প্ৰেৰণ কৰা ফটো চাই ইয়াক এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে মৃত প্ৰশান্তৰ পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে।

পৰিয়ালৰ লোকে ঘটনা সংক্ৰান্তত কলিয়াবৰৰ উলুৱনী আৰক্ষী থানাৰ লগতে হাইদৰাবাদৰ আৰক্ষীৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন স্থানীয় অৰক্ষীৰ হাতত পৰাহি নাই।

Related News