NORTHEAST NOW (Assamese)

নগাঁৱৰ পুৰণিগুদামত মীন পালকৰ দুৰৱস্থা; পুখুৰীৰ পাৰত পেলাই দিছে শ শ মৰা মাছ

May 18, 2020 10:32 am · ভাৰ্গব হাজৰিকা

লকডাউনৰ বাবে ৰাজ্যৰ মীন পালক সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। নগাঁও জিলাৰ পুৰণিগুদাম-চলচলিৰ এজন মীন পালকৰ বৰ্তমান হাহাকাৰ অৱস্থা।

চলচলিৰ ৰঙীয়া গাঁৱৰ বসন্ত শইকীয়া নামৰ মীন পালকজনে বিগত বিশ বছৰ ধৰি প্ৰায় সাত বিঘাৰ এটা ফিচাৰীত মীন পালন কৰি আহিছে, কিন্তু লকডাউনৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা পুখুৰীটোত মাছ মাৰিব তেওঁ বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

মাহ মাহ ধৰি মাছ মাৰিব নোৱাৰাৰ বাবে পুখুৰীটোত মাছৰ পৰিমাণ বৃদ্ধি হৈ শ শ মাছ মৰি ওপঙিবলৈ ধৰিছে।

ইয়াৰ আগতে কাহানিও এনে ৰোগে দেখা দিয়া নাছিল বুলি উল্লেখ কৰি বিভিন্ন ঔষধ প্ৰয়োগ কৰিয়ো একো সুফল পোৱা নাই বুলি জনাই মীন পালকজনে।

উপায়হীন হৈ তেওঁ এতিয়া ডাঙৰ-ডাঙৰ মৰা মাছবিলাক পুখুৰীৰ পৰা তুলি পাৰত পেলাই দিবলৈ বাধ্য হৈছে।

মীন পালন কৰিয়ে পৰিয়াল পোহপাল দিয়া বসন্ত শইকীয়াই ব্যৱসায়ৰ বাবে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা প্ৰায় দুই লাখ টকা ঋণ লৈছিল।

কিন্তু এনে পৰিস্থিতিত এতিয়া কিদৰে ঋণ পৰিশোধ কৰিব সেই কথা মীন পালক গৰাকী তথা তেওঁৰ নিঃসহায় পৰিয়ালৰবৰ্গই ভাবি পাৰ পোৱা নাই।

চৰকাৰৰ সংশ্লিষ্ট বিভাগে যাতে বিষয়টো অনুধাৱন কৰি তেওঁলোকক এই বিপদৰ পৰা ৰক্ষা কৰে তাৰ বাবে পৰিয়ালটোৱে কাতৰ আহ্বান জনাইছে।

Related News