NORTHEAST NOW (Assamese)

‘নেহৰুৱেতো ১৫ মিনিটতে কৈ দিছিল বাই বাই অসম’: ৰাহুল গান্ধীক অমিত শ্বাহৰ প্ৰত্যুত্তৰ

October 20, 2020 11:32 am · এন ই নাও নিউজ

চীনৰ প্ৰসংগত বিজেপিক সমালোচনা কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক এইবাৰ উভতি ধৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কয় যে  ১৯৬২ চনৰ চীনৰ সৈতে যুদ্ধত ভাৰতে বিশাল পৰিমানৰ মাটি হেৰুৱাইছিল। কংগ্ৰেছ তথা ৰাহুল গান্ধীয়ে সেই স্মৃতি ৰোমন্থন কৰা উচিত।

ইয়াৰ পূৰ্বে লাডাখত চীনৰ সেনাই ভাৰতীয় ভূমি খণ্ড দখল কৰাকলৈ ৰাহুলৰ শেহতীয়া বক্তব্যৰ প্ৰত্যুত্তৰ দিয়ে অমিত শ্বাহে।

যোৱা ৭ অক্টোবৰত হাৰিয়ানাৰ এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে কৈছিল যে চীনৰ সেনাক ভাৰতৰ পৰা খেদিবলৈ ১৫মিনিট সময় লাগে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত অমিত শ্বাহে কয়,’’সেই সময়ত ভাৰতৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে অনাতাঁৰ ভাষণত ১৫ মিনিটতে কৈছিল, বাই বাই অসম। তেনেহ’লে এই সন্দৰ্ভত কংগ্ৰেছে আমাক কিদৰে শিক্ষা দিয়াৰ যোগ্যতা অৰ্জন কৰিলে?’’

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘’আপোনাৰ পূৰ্বপুৰুষ ক্ষমতাতা থকা সময়ত আমি হেক্টৰে হেক্টৰে মাটি হেৰুৱাইছো।‘’

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে লগতে আশা ব্যক্ত কৰে যে চীনৰ সৈতে বিৰোধৰ মীমাংসা কূটনৈতিক আলোচনাৰ জৰিয়তেই সম্ভৱ হ’ব।

Related News