NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছক লৈ মেগাষ্টাৰ অমিতাভ বচ্চনৰ কবিতা; অনুৰাগীক হাত পৰিষ্কাৰ ৰাখিবলৈ আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 14, 2020 6:25 pm
06a23ad8c099c6750219c067adc977d4

মাৰাত্মক ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱে সমগ্ৰ দেশৰ লগতে মায়া নগৰী মুম্বাইকো আতংকিত কৰি তুলিছে।

তেনে এক সময়তে জমগণৰ মাজত সজাগতা সৃষ্টিৰ মানসেৰে মেগাষ্টাৰ অমিতাভ বচ্চনে লিখি উলিয়াইছে এটা কবিতা। কবিতাটো তেওঁ নিজে আবৃত্তি কৰি চ’ছিয়েল মিডিয়াত ভাইৰেলো কৰিছে।

নিজৰ মাতৃভাষা আৱধী ভাষাত ৰচিত আৰু আবৃত্তি কৰা কবিতাটোৰ বিষয়ে মেগাষ্টাৰ গৰাকীয়ে কয় যে, ‘ক’ৰ’না ভাইৰাছে আমাক আগুৰি ধৰিছে। মানুহে ঘৰৰ পৰা ওলাবলৈ শংকিত হোৱাৰ লগতে নিজৰ স্বাস্থ্যৰ প্ৰতিও শংকিত হোৱা দেখা গৈছে। এনে এক সন্ধিক্ষণত মই এই বিষয়ে কেইটামান শাৰী লিখি উলিয়াইছো।’

৭৭ বৰ্ষীয় অভিনেতাজনে আৰু কয় যে বহু লোকে কালঞ্জী গুৰি আৰু আমলা জুচ খাই ইয়াৰ প্ৰতিকাৰৰ কথা ক’লেও চাবোনেৰে হাত নুধোৱাকৈ কোনোৱে খাদ্য বস্তু স্পৰ্শ কৰা উচিত নহয়।