NORTHEAST NOW (Assamese)
অসম

পৰীক্ষাৰ বাবে লোৱা বিৰতিৰ বাবেই ট্ৰেকৰ পৰা বাহিৰ হ’বলৈ ওলাইছে নেকি হিমা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2019 12:24 pm
https://assam.nenow.in/wp-content/uploads/2019/08/i-1.jpg

বিশ অনুৰ্দ্ধৰ বিশ্ব চেম্পিয়ন স্বৰ্ণকন্যা হিমা দাসে তাইৰ নিজৰ ৪০০ মিটাৰ ইভেন্টত যোগ্যতা অৰ্জন কৰিব নোৱাৰা বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে।

হিমাই চলিত বছৰৰ ফেব্ৰুৱাৰি-মাৰ্চ মাহত তাইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ৪৫ দিনৰ বাবে ট্ৰেকৰ পৰা বিৰতি লৈছিল।

সেই সময়ছোৱাত ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিৱিৰৰ পৰা আঁতৰি থকাৰ বাবেই হিমাই প্ৰশিক্ষণৰ পৰা বঞ্চিত হৈছিল আৰু ঘুৰি অহাৰ পাছত এতিয়া ডোহাৰ বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জনৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে।

এথলেটিকছ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ উপ মুখ্য প্ৰশিক্ষক ৰাধাকৃষ্ণন নায়াৰে শুকুৰবাৰে এই কথা মুকলিকৈয়ে প্ৰকাশ কৰিছে।

হিমাৰ ৪০০ মিটাৰত এই বৰ্ষৰ শ্ৰেষ্ঠ প্ৰদৰ্শন হ’ল ৫২.০৯ ছেকেণ্ড, যিটো তাই চেক ৰিপাব্লিকৰ এক প্ৰতিযোগিতাত অৰ্জন কৰিবলৈ সক্ষম হৈছে।

কিন্তু বিশ্ব চেম্পিয়নশ্বিপত যোগ্যতা অৰ্জনৰ বাবে সময়ৰ মান ৫১.৮০ ছেকেণ্ড নিৰ্দ্ধাৰণ কৰা আছে।

এথলেটিকছ ফেডাৰেশ্যনৰ আন এগৰাকী ভাৰতীয় বিষয়াৰ মতে হিমাৰ বিৰতি লোৱাৰ সিদ্ধান্তৰ সময়টো সঠিক নাছিল কিয়নো ই তাইৰ প্ৰশিক্ষণৰ পৰিক্ৰমাটো ভাঙি দিলে।

তেওঁ কয় যে যিহেতু এথলেটগৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আঁকোৰগোজ আছিল, গতিকে তাইৰ দাবী মানি লোৱাৰ গত্যন্তৰ নাছিল।

বিৰতিৰ পাছত ঘুৰি আহি হিমাই এছিয়ান চেম্পিয়নশ্বিপত তল পিঠিৰ বিষৰ বাবে ৪০০ মিটাৰৰ পৰা বাহিৰ হ’বলগীয়া হয়। সেয়া স্পণ্ডেলাইটিছ হিচাপে ধৰা পৰিছিল।

অৱশ্যে, হিমা মে’ মাহত য়ুকোহামাত অনুষ্ঠিত বিশ্ব দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী ৪x৪০০ মিটাৰৰ ভাৰতীয় মহিলা দলটোৰ সদস্য আছিল।

উপ মুখ্য প্ৰশিক্ষক ৰাধাকৃষ্ণন নায়াৰে কয় যে যুৱ এথলোটৰ বাবে ‘’পিঠিৰ বিষ এটা এটা ডাঙৰ সমস্যা নহয়’’ কিন্তু প্ৰশিক্ষণৰ পৰা লোৱা দীঘলীয়া বিৰতিয়ে বিশ্ব চেম্পিয়নশ্বিপৰ বাবে ব্যক্তিগত ৪০০ মিটাৰত যোগ্যতা অৰ্জনৰ বাবে হিমাৰ সুযোগত ক্ষতি কৰিছে।

‘’তাই ৪৫ দিনৰ বাবে আঁতৰি আছিল আৰু তাই প্ৰশিক্ষণৰ ধাৰা ভংগ কৰিছিল তথা একো কৰা নাছিল। পিঠিৰ বিষ এটা ডাঙৰ সমস্যা নাছিল। তাই পৰীক্ষাৰ বাবে এই সময়ছোৱাত প্ৰশিক্ষণ ল’ব নোৱাৰিলে। এয়া আছিল ফেব্ৰুৱাৰি-মাৰ্চৰ কথা আৰু ইয়ে তাইক পিছুৱাই লৈ গ’ল। অন্যথা তাই যোৱা বছৰ যিটো পৰ্যায়ত আছিল সেই একেই স্থান অক্ষুন্ন ৰাখিব পাৰিলেহেঁতেন,’’-নায়াৰে কয়।

এথলেটিকছ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ উপ মুখ্য প্ৰশিক্ষক ৰাধাকৃষ্ণন নায়াৰৰ এই ভাষ্যই হিমাৰ সম্ভাৱনাৰ ওপৰতো প্ৰশ্নৰ অৱতাৰণা কৰিছে।

সমগ্ৰ দেশৰ লগতে বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰা অসম কন্যা হিমা দাসৰ সেই অদম্য দৌৰ হঠাতে থমকি ৰ’ব নেকি? নে সকলো জল্পনা-কল্পনা অপ্ৰাসংগিক কৰি ট্ৰেকত পুনৰ অদমনীয় হৈ উঠিব ‘ধিং এক্সপ্ৰেছ’।

অসমৰ প্ৰতিজন অনুৰাগীয়ে যেন কৈছে দৌৰ হিমা দৌৰ।