NORTHEAST NOW (Assamese)

বলিউদৰ মহীৰূহ অমিতাভ বচ্চন কোভিড-১৯ প’জিটিভ

July 11, 2020 11:30 pm · এন ই নাও নিউজ
Updated: July 11, 2020 11:33 pm
অমিতাভ বচ্চন। ছবি সৌজন্য-- টুইটাৰ।

কোভিড-১৯ প’জিটিভ হৈছে বলিউদৰ মহীৰূহ অমিতাভ বচ্চন।

কোভিড আক্ৰান্ত হোৱা অমিতাভ বচ্চনক মুম্বাইৰ নানাৱতী হস্পাতালত ভৰ্তি কৰোৱা হৈছে।

৭৭ বছৰীয়া অভিনেতা গৰাকীয়ে নিজে ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি টুইট কৰি জানিবলৈ দিয়ে।

”মই কোভিড-১৯ প’জিটিভ হৈছো…….চিকিৎসালয়ত ভৰ্তি হৈছো….মোৰ পৰিয়ালৰ সকলো লোক আৰু সকলো ষ্টাফৰে ক’ৰ’নাৰ পৰীক্ষা কৰা হৈছে আৰু ফলাফল আহিবলৈ বাকী আছে,” বলিউদৰ যশস্বী অভিনেতা গৰাকীয়ে এইদৰে টুইট কৰে।

অভিনেতা গৰাকীয়ে যিসকল লোকে বিগত ১০ দিনৰ ভিতৰত তেওঁৰ সংস্পৰ্শলৈ আহিছিল সকলোকে ঘৰত আৱদ্ধ থকাৰ উপৰিও ক’ৰ’নাৰ পৰীক্ষা কৰাৰ বাবে আহ্বান জনায়।

বলিউদৰ পিতৃস্বৰূপ অভিনেতা গৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতে তেওঁৰ অনুগামী সকলৰ মনত তীব্ৰ উৎকন্ঠাৰ সৃষ্টি হৈছে।

অমিতাভ বচ্চনৰ অনুগামী সকলে বৰ্ষীয়ান অভিনেতা গৰাকী শীৰ্ঘে সুস্থ হৈ উভতি অহাৰ বাবে প্ৰাৰ্থনা জনাইছে।

জানিবপৰা মতে, ক’ৰ’নাত আক্ৰান্ত অভিনেতা গৰাকীয়ে কোনোধৰণৰ বিশেষ শাৰীৰীক অসুস্থতা অনুভৱ কৰা নায়।

Related News