NORTHEAST NOW (Assamese)
অসম

শীঘ্ৰে কেবিচিৰ শ্বুটিং আৰম্ভ কৰিব কোভিডৰ পৰা আৰোগ্য হৈ উঠা অমিতাভ বচ্চনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 20, 2020 11:17 pm
শীঘ্ৰে কেবিচিৰ শ্বুটিং আৰম্ভ কৰিব কোভিডৰ পৰা আৰোগ্য হৈ উঠা অমিতাভ বচ্চনে

অলপতে ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠা বলিউদৰ পিতামহ স্বৰূপ অমিতাভ বচ্চনে পুনৰ কাম আৰম্ভ কৰিব।

নিজৰ ব্লগত জেষ্ঠ অভিনেতা গৰাকীয়ে কৌন বনেগা কড়োৰ পতি ১২ সংস্কৰণৰ শ্বুটিঙৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

অভিনেতা গৰাকীয়ে কেবিচিৰ প্ৰম’ শ্বুটৰ বাবে পূৰ্ণ গতিত প্ৰস্তুতি আৰম্ভ কৰিছে।

কেবিচিৰ শ্বুটিঙৰ সময়ত কোভিড প্ৰতিৰোধী নীতি সমূহ কঠোৰভাৱে পালন কৰা হ’ব বুলিও অভিনেতা গৰাকীয়ে উল্লেখ কৰে।

বিগত ১১ জুলাইত ক’ৰ’না আক্ৰান্ত হোৱাৰ পাছত অমিতাভ বচ্চন নানাৱতী হস্পিটেলত ভৰ্তি হৈ আছিল।

অমিতাভৰ লগতে পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বৰ্য্য ৰায় বচ্চন আৰু নাতি আৰাধ্যা বচ্চনো ক’ৰ’না প’জিটিভ হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল।

নানাৱতী হস্পিটেলত চিকিৎসাৰ অন্তত অমিতাভ বচ্চন সম্পুৰ্ণৰূপে সুস্থ হৈ নিজ গৃহলৈ উভতি আহিছিল।