NORTHEAST NOW (Assamese)

দ্য গ্লাছ পেলেচৰ অসমীয়া অনুবাদক লৈ বিতৰ্ক : অসমৰ অনুবাদ বিপুল দেউৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিখ্যাত ঔপন্যাসিক অমিতাভ ঘোষে

January 20, 2026 8:10 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 20, 2026 7:30 pm

প্ৰখ্যাত সাহিত্যিক অমিতাভ ঘোষে তেওঁৰ কালজয়ী উপন্যাস দ্য গ্লাছ পেলেচৰ শেহতীয়া অসমীয়া অনুবাদক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ জনাইছে যে এই অনুবাদ সম্পৰ্কে তেওঁৰ সৈতে কোনো ধৰণৰ আলোচনা কৰা হোৱা নাই আৰু ইয়াত কপিৰাইট বা স্বত্বাধিকাৰ উলংঘা কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয় জড়িত হৈ আছে। উপন্যাসখনৰ মূল সংস্কৰণ প্ৰকাশ পোৱাৰ প্ৰায় ২৬ বছৰৰ পাছত ইয়াক অসমীয়া ভাষাত দেখা পাই তেওঁ আনন্দিত হৈছে যদিও প্ৰকাশক গোষ্ঠীৰ কাম-কাজত তেওঁ যথেষ্ট আশ্চৰ্য প্ৰকাশ কৰিছে।

অমিতাভ ঘোষে উল্লেখ কৰিছে যে যদি প্ৰকাশকে তেওঁৰ সৈতে আগতীয়াকৈ যোগাযোগ কৰিলেহেঁতেন, তেন্তে তেওঁ কিতাপখনৰ ইংৰাজী শিৰোনামটো পোনপটীয়াকৈ অসমীয়াত ব্যৱহাৰ কৰিবলৈ কেতিয়াও সন্মতি নিদিলেহেঁতেন। তেওঁৰ মতে এনে ধৰণৰ কামে অনুবাদৰ প্ৰতি প্ৰকাশকৰ অসাৱধানতা প্ৰমাণ কৰিছে।

বনফুল প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখন বিপুল দেউৰীয়ে অনুবাদ কৰিছে। অভিযোগ অনুসৰি এই অনুবাদৰ বাবে লেখক অথবা মূল প্ৰকাশক পেংগুইন ইণ্ডিয়াৰ পৰা কোনো ধৰণৰ অনুমতি লোৱা হোৱা নাছিল। ইয়াৰ ফলত বৰ্তমান কপিৰাইট আৰু প্ৰকাশনৰ নৈতিকতাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে।

দ্য গ্লাছ পেলেচ বিশ্ববিখ্যাত অমিতাভ ঘোষৰ অন্যতম সফল উপন্যাস। ব্ৰহ্মদেশ অৰ্থাৎ বৰ্তমানৰ ম্যানমাৰ, বংগ, ভাৰত আৰু মালয়ৰ পটভূমিত ৰচনা কৰা এই বুৰঞ্জীমূলক উপন্যাসখনত তৃতীয় ইংগ-বৰ্মী যুদ্ধৰ পৰা আৰম্ভ কৰি দ্বিতীয় বিশ্বযুদ্ধ আৰু বিংশ শতিকাৰ শেষৰ সময়ছোৱাক সামৰি লোৱা হৈছে। এই উপন্যাসখনে সমগ্ৰ বিশ্বতে বিশেষ স্বীকৃতি লাভ কৰিছে যদিও অসমীয়া অনুবাদক লৈ সৃষ্টি হোৱা এই বিতৰ্কই এতিয়া সাহিত্য সমাজত বিশেষ চৰ্চা লাভ কৰিছে।

Related News