NORTHEAST NOW (Assamese)

দেশৰ ক্ৰীড়াক্ষেত্ৰত পুনৰ উজলিল অসমৰ নাম: ভাৰতৰ দ্ৰুততম মানৱ হিচাপে পৰিগণিত হ’ল অসম সন্তান অম্লান বৰগোহাঁই

August 30, 2022 2:31 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ ক্ৰীড়াক্ষেত্ৰ খনত পুনৰ এবাৰ উজলি উঠিছে অসমৰ নাম। অসমক গৌৰৱান্বিত কৰি দেশৰ ভিতৰতে দ্ৰুততম মানৱ হিচাপে নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে এগৰাকী অসম সন্তানে। নাম তেওঁৰ অম্লান বৰগোহাঁই।

এই যুৱ ভাৰতীয় স্প্ৰিণ্টাৰগৰাকীয়ে সোমবাৰে পুৰুষৰ ১০০ মিটাৰ স্প্ৰিণ্টত এক নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিগণিত হৈছে।

২৪ বৰ্ষীয় অম্লানে উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত অনুষ্ঠিত সৰ্বভাৰতীয় আন্তঃৰেলৱে এথলেটিকছ চেম্পিয়নশ্বিপত ১০.২৫ ছেকেণ্ডত ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি এই কৃতিত্ব অৰ্জন কৰিছে।

এই ক্ষেত্ৰত যুৱ তাৰকাগৰাকীয়ে ভংগ কৰে ছয় বছৰ পুৰণি ৰাষ্ট্ৰীয় অভিলেখ। ২০১৬ চনত ছয় অমিয় কুমাৰ মল্লিকে ১০.২৬ ছেকেণ্ডত ১০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰি এই অভিলেখ গঢ়িছিল।

অম্লানে তেওঁৰ পূৰ্বৰ ১০০ মিটাৰ দৌৰৰ সৰ্বশ্ৰেষ্ঠ সময় ১০.৩৪ ছেকেণ্ডৰ পৰা প্ৰায় ০.০৯ ছেকেণ্ড সময় কমকৈ লৈ সোমবাৰে এই অভিলেখ ভংগ কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী হয়।

উল্লেখ্য যে উৰিষ্যাৰ ৰিলায়েন্স হাই পাৰফৰ্মেন্স চেণ্টাৰত প্ৰশিক্ষণ লোৱা অম্লানে ইতিপূৰ্বে পুৰুষৰ ২০০ মিটাৰ দৌৰতো ৰাষ্ট্ৰীয় অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰিছিল।

চলিত বৰ্ষৰ আৰম্ভণিতে ২৫ তম ৰাষ্ট্ৰীয় ফেডাৰেচন কাপৰ সময়ত ২০.৫২ ছেকেণ্ড সময় লৈ তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল।

Related News