NORTHEAST NOW (Assamese)
দেশ

এইবাৰ দেশত চলিব অমৃত ভাৰত ৰে’লঃ ৩০ ডিচেম্বৰত মোদীয়ে কৰিব উদ্বোধন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 28, 2023 9:04 pm
Amrit Bharat Express

বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ পিছত আন এখন ৰে’লৰ সেৱা দেশত আৰম্ভ কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।

নতুন এই ৰে’লখনক অমৃত ভাৰত এক্সপ্ৰেছ নামেৰে জনা যাব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ ডিচেম্বৰত অযোধ্যাৰ পৰা প্ৰথমখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল মুকলি কৰিব।

অমৃত ভাৰত এক্সপ্ৰেছ নামৰ এই ছুপাৰফাষ্ট যাত্ৰীবাহী ৰে’লখনত “পুছ-পুল” প্ৰযুক্তি থাকিব।

পুছ-পুল প্ৰযুক্তিয়ে ৰে’ল পৰিচালনাক বহুত নিৰাপদ কৰি তোলে আৰু ইয়াৰ দ্বাৰা ৰে’ল এখন দুয়ো মূৰৰ পৰা চলাব পাৰি বুলি কোৱা হৈছে।

এই ৰে’লসমূহে ৰে’ল যাত্ৰীসকলক আকৰ্ষণীয় ডিজাইন কৰা আসন, উন্নত লাগেজ ৰেক, আৰু উপযুক্ত মোবাইল হোল্ডাৰৰ সৈতে মোবাইল চাৰ্জিং পইণ্টৰ দৰে উন্নত সুবিধা প্ৰদান কৰিব।

অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লখনত এল ই ডি লাইট, চি চি টিভি, ৰাজহুৱা তথ্য ব্যৱস্থাৰ লগতে অন্যান্য সা-সুবিধাও থাকিব।