NORTHEAST NOW (Assamese)
অসম

গ্ৰেপ্তাৰ অমৃতপল সিং, অৱশেষত ৩৬ দিনৰ অন্তত আৰক্ষীৰ হাতত ধৰা পৰিল খালিস্তানী নেতাগৰাকী

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 23, 2023 8:28 am

খালিস্তানী নেতা অমৃতপল সিঙক গ্ৰেপ্তাৰ কৰিছে মোগা আৰক্ষীয়ে। পঞ্জাৱৰ মোগা চহৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।  একাংশ সূত্ৰই দাবী কৰিছে যে অমৃতপলে নিজেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। ইয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ৩৬ দিন ধৰি পলাতক আছিল সিং। আৰক্ষীয়ে তেওঁক বিচাৰি চলাথ কৰি ফুৰিছিল।

আৰক্ষীয়ে ‘ৱাৰিছ পঞ্জাব দে’ সংগঠনৰ নেতা অমৃতপলক বিচাৰি পঞ্জাৱৰ বিভিন্ন জিলাত অভিযান আৰম্ভ কৰিছিল। অভিযোগ অনুসৰি, ১৮ মাৰ্চত অমৃতপল আৰু তেওঁৰ ঘনিষ্ঠ সহযোগী পপ্পলপ্ৰীত সিঙে অমৃতসৰৰ সমীপৰ অঞ্জলা আৰক্ষী থানাৰ লকআপত বন্দী সংগী কয়দীক মুকলি কৰি নিয়াৰ বাবে কেইবাশ লোকক লগত লৈ আক্ৰমণ কৰিছিল।

সেই ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল দুয়োজন নেতা। অৱশ্যে যোৱা ১০ এপ্ৰিলত আৰক্ষীয়ে পপ্পলপ্ৰীতক গ্ৰেপ্তাৰ কৰিছিল। অমৃতপলে আত্মগোপন কৰিছিল। এইবাৰ তেওঁৱো আৰক্ষীৰ জালত পৰিল।

বাতৰি অনুসৰি, দেওবাৰে পুৱতি নিশা অমৃতপলক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ সন্দৰ্ভত এতিয়াও সবিশেষ প্ৰকাশ কৰা নাই মোগা আৰক্ষীয়ে। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি অমৃতপলক অসমৰ ডিব্ৰুগড় কাৰাগাৰলৈ স্থানান্তৰ কৰা হ’ব। তেওঁৰ আন সহায়কসকলকো তাতেই ৰখা হয়। অমৃতপলৰ দলৰ আন ৮ জন সদস্য অসমৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে।

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত অমৃতপলক গ্ৰেপ্তাৰ কৰা হৈছে। কেইবাটাও সূত্ৰই দাবী কৰিছে যে পঞ্জাৱ আৰক্ষী আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ একত্ৰিত প্ৰচেষ্টাৰ ফলত এই গ্ৰেপ্তাৰ সম্ভৱ হৈ উঠিছে।

অমৃতপালৰ বিৰুদ্ধে বৰ্ণ বৈষম্য, হত্যাৰ চেষ্টা, আৰক্ষীক আক্ৰমণ আৰু আৰক্ষীৰ কামত বাধা দিয়াৰ গুৰুতৰ অভিযোগ আছে। একাংশ সূত্ৰই দাবী কৰিছে যে দেওবাৰে পুৱাই অমৃতপলে নিজেই মোগা চহৰৰ এটা গুৰুদ্বাৰাৰ সন্মুখত আৰক্ষীৰ কাষ চাপিছিল। ইয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি অমৃতসৰলৈ লৈ যোৱা হয়। কিন্তু এই তথ্য এতিয়াও আৰক্ষীয়ে নিশ্চিত কৰা নাই।