NORTHEAST NOW (Assamese)
অসম

অৰুণাচলৰ লংটনত সেনাৰ অভিযানত এনএছচিএনৰ (আৰ) কেডাৰ আটক

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী January 25, 2019 8:26 pm
IMG-20190125-WA0009

আজি ২৫ জানুৱাৰি শুকুৰবাৰে অৰুণাচলৰ খৰছাং আৰক্ষী থানাৰ অন্তৰ্গত লংটনৰ পৰা ভাৰতীয় সেনাই এনএছচিএন (আৰ) দুজন কেডাৰক আটক কৰে। আটক কেডাৰ দুজনৰ পৰা সেনাই মাৰণাস্ত্ৰসহ ভালেমান গুলী বাৰুদ উদ্ধাৰ কৰে।

আটকাধীন এনএছচিএনৰ কেডাৰ দুজনক এছএছ কৰ্প’ৰেল মহেশ লস্কৰ আৰু এছএছ কৰ্প’ৰেল নুংগাম লস্কৰ বুলি চিনাক্ত কৰা হৈছে।

এটা বিশেষ সূত্ৰে জানিব পৰা মতে এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি ভাৰতীয় সেনাৰ ডাও ডিভিজনৰ অন্তৰ্গত এটা সেনা গোটে লংটনৰ পৰা  এনএছচিএন (আৰ)দুজন কেডাৰক আটক কৰে।

উক্ত কেডাৰ দুজনৰ পৰা ২টা .২২মিঃমিঃ পিষ্টল এফএম, ৩টা মেগাজিন, ৪টা ৩২ মিঃমিঃ সজীৱ গুলী, ২টা ২২মিঃমিঃ সজীৱ গুলী, ২টা ৫.৫৬মিঃমিঃ সজীৱ গুলী, এটা ছেমছাং স্মাৰ্টফোন, এটা বেছিক মোবাইল উদ্ধাৰ কৰে।

খৰছাং আৰক্ষী থানাত এই সন্দৰ্ভত এখন অভিযোগনামা দাখিল কৰা হৈছে। উল্লেখ্য যে প্ৰতি বছৰেই উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰেহী সংগঠনসমূহে গণতন্ত্ৰ দিৱস বৰ্জন কৰি আহিছে।

সূত্ৰটোৱে আৰু জনাইছে যে এনএছচিএন (আৰ)কেডাৰ দুজনে কূটাঘাত কৰাৰ উদ্দেশ্য অৰুণাচলত প্ৰৱেশ কৰিছিল। আন দুজন এনএছচিএন (আৰ) কেডাৰক ধৰা পেলোৱাৰ বাবে ইতিমধ্যে নিৰাপত্তা বাহিনীসমূহে এটা তালাচী অভিযান আৰম্ভ কৰিছে।