NORTHEAST NOW (Assamese)

জুবিন গাৰ্গ কোন?

October 30, 2025 7:30 pm · ড° উপাসনা শৰ্মা
Updated: October 30, 2025 7:31 pm

জুবিন গাৰ্গ কোন? এই প্ৰশ্নৰ উত্তৰ হয়তো মাথোঁ কেইটামান শব্দৰ ব্যাখ্যাৰে সীমাবদ্ধ কৰিব নোৱাৰি। জুবিন গাৰ্গ কেৱল এজন গায়ক, সুৰকাৰ, গীতিকাৰ অথবা অভিনেতা নহয়, তেওঁ এক বিশাল ব্যক্তিত্বৰ গৰাকী। ব্ৰহ্মপুত্ৰতকৈও বিশাল হয়তো শিল্পীসত্তা তেওঁৰ। তেওঁতো জুবিন গাৰ্গ নহয়, তেওঁ হ’ল অসমবাসীৰ ‘জুবিন দা’। আমাৰ জুবিন দা।

তেওঁৰ গীতৰ সৈতে প্ৰথম পৰিচয় হয়তো হৈছিল মোৰ ৫-৬ বছৰমান বয়সতে। মোৰ খুৰা জুবিনৰ সংগীতৰ অনুৰাগী আছিল আৰু জুবিনৰ গীতৰ শ্ৰব্য কেছেট সংগ্ৰহ কৰা তেওঁৰ এক অভ্যাস আছিল। খুৰাৰ মুখেৰে শুনা এটা গীতৰ কলিয়ে- “গানে কি আনে, সুৰৰ সোপানে সোপানে”- মোক পৰিচয় কৰাইছিল জুবিন গাৰ্গ নামৰ সেই বিশেষ শিল্পীসত্তাৰ সৈতে। তেওঁৰ অমৃতবৰষা কণ্ঠেৰে নিগৰি অহা প্ৰতিটো শব্দই মোক শৈশৱতে আপ্লুত কৰিছিল আৰু তেওঁৰ স্পষ্ট শব্দৰ উচ্চাৰণে মোক মাতৃভাষা শুদ্ধকৈ শিকাৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত কৰিছিল। পৰৱৰ্তী সময়ত তেওঁৰ সেই বিশেষ গানটোৰ শব্দবোৰে- “স্বাধীনতাৰ বুজ লওঁতেই এশবছৰ গ’ল, বিষ্ণু-জ্যোতিৰ জোনাকী দেশ এতিয়াও নহ’ল” মোৰ জীৱনত এক অভূতপূৰ্ব প্ৰভাৱ পেলাইছিল- নিজৰ দেশৰ প্ৰতি এক অনাম্বৱনীয় ভালপোৱাৰ অনুভৱ গঢ়ি উঠিছিল- এইখন মোৰ দেশ আৰু এই দেশৰ প্ৰতি মোৰ দায়িত্ববোধৰ উমান তেওঁৰ গীতৰ কথাই মোক দিছিল।

অসমৰ প্ৰতি থকা তেওঁৰ অকৃ্ত্ৰিম ভালপোৱাই অসমীয়া মানুহক হয়তো দি গৈছিল প্ৰকৃত দেশপ্ৰেমৰ পৰিচয়। তেওঁৰ দৃষ্টিৰে দেশপ্ৰেমক কোনো সংজ্ঞাৰে বান্ধিব নোৱাৰি। দেশপ্ৰেম খন্তেকীয়া নহয়। দেশপ্ৰেম চিৰপ্ৰৱাহী এক সক্ৰিয় অনুভৱ। দেশপ্ৰেমে মানৱীয়তা শিকায়। তেওঁৰ সেই বিখ্যাত উক্তি “মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই… মই মুক্ত।” হয়তো প্ৰত্যেকজন অসমীয়াৰ বুকুত খোদিত হৈ থকা এক চিৰযুগমীয়া আহ্বান। যি আহ্বানে জগাই তুলিব পাৰে প্ৰত্যেকজন অসমীয়াৰ মনত এক নিৰৱচ্ছিন্ন একতা আৰু মানৱীয়তাৰ ভাৱধাৰা।

তেওঁৰ মহাসাগৰতকৈও গভীৰ চিন্তাশীল ব্যক্তিত্বই আনিব পাৰে চুনামী আৰু পলকতে শেষ কৰি দিব পাৰে ভণ্ড শাসকৰ অভিমান আৰু অহংকাৰ। অথচ তেওঁৰ ব্যক্তিত্বৰ সৰলতাই মুগ্ধ কৰিব পাৰে সৰ্বস্বান্ত প্ৰত্যেকজন অসমীয়াক, যি সপোন দেখে সোণৰ অসম গঢ়াৰ। তেওঁৰ গীতৰ কথাবোৰে “সোণেৰে সজোৱা পঁজা জহি-খহি যায়, কোনে আজি সাজিবহি পাৰিব দুনাই”- হয়তো আন্দোলিত কৰিব পাৰে প্ৰত্যেকজন অসমীয়াৰ গভীৰতকৈও গভীৰতৰ হৃদস্পন্দন। আৰু তেওঁৰ ব্যক্তিত্বৰ সাৱলীল পৰিচয় দাঙি ধৰে, তেওঁৰ বিপ্লৱী আৰু প্ৰগতিশীল শিল্পীসত্তাৰ উমান দিয়ে তেওঁৰ কণ্ঠ নিগৰি ওলোৱা সেই ধ্বনিয়ে “মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ??”

তেওঁৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি “মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি” এই গীতটিয়ে আনিছিল জোৱাৰ, যি জোৱাৰৰ শিহৰণে কঁপাই তুলিছিল হৃদপিণ্ডৰে প্ৰবাহিত প্ৰতিডাল সিৰা-উপসিৰাক আৰু জুবিনদা বিয়পি পৰিছিল প্ৰত্যেকজন অনুৰাগীৰ তেজৰ কণিকাত। তেওঁৰ ব্যক্তিত্বৰ প্ৰতিটো দিশত ফুটি উঠে সাতোৰঙী ৰামধেনুৰ আভা। তেওঁ সঁচাই মুক্ত। তেওঁ “আমি যেন যন্ত্ৰ”ৰ সৃষ্টিৰে অসমবাসীক পৰিচয় কৰাইছিল তেওঁৰ সামাজিক দৰ্শনৰ (চিন্তাধাৰাৰ) আৰু “মই শুব পৰা নাই অ’ মা” গীতেৰে স্পৰ্শ কৰিছিল অন্তৰৰ প্ৰতিটো অনুভৱ আৰু তাতেই প্ৰতিফলিত হৈছিল তেওঁৰ শিশুসুলভ মনৰ প্ৰতিচ্ছবি। তেওঁৰ উদাত্ত কণ্ঠ আৰু নিৰ্ভীক স্বভাবে প্ৰত্যেকজন অসমীয়াক এক অদম্য সাহসৰ সমল যোগাইছিল আৰু সেইবাবেই তেওঁৰ “ঘেণ্টা কাকো খাতিৰ নকৰোঁ” বোলা কথাষাৰে আমাক কোনো ঋণাত্মক চিন্তাধাৰাৰ প্ৰতি আকৰ্ষিত কৰা নাছিল বৰঞ্চ স্পষ্টবাদিতা সমাজ ব্যৱস্থাৰ বাবে যে অতি আৱশ্যকীয় সেই কথা শিকাই গৈছিল। ইমান নিৰাভৰণ কোনো শিল্পীসত্তা আমি হয়তো অসমত দ্বিতীয়জন দেখিবলৈ পোৱা নাই আৰু কোনোদিনে নেপাওঁ।

আজি তেওঁৰ অনুপস্থিতিয়ে আমাক সকলোকে দিশহাৰা আৰু অস্থিৰ কৰি তুলিছে। প্ৰত্যেকজন অসমীয়াৰ হৃদয় বিদাৰি ওলোৱা ক্ৰন্দনে পৃথিৱী কঁপাই তুলিছে। কাৰণ জুবিন গাৰ্গ আমাৰ আশা, জুবিন গাৰ্গ অসমৰ অস্তিত্ব, জুবিন গাৰ্গ প্ৰত্যেকজন অসমীয়াৰ এন্ধাৰ বাটৰ প্ৰহৰী। জুবিন গাৰ্গ নোহোৱা অসম এখন… মোৰ জীৱনৰ এজন প্ৰিয় মানুহ আৰু মোক অনুপ্ৰেৰণা দিয়া শিল্পীজনক হেৰুৱাই মোৰ দেহ-মন বজ্রপাত পৰা পখীৰ দৰে নিঠৰ হৈ পৰিছিল। কিন্তু মোৰ নিস্তব্ধ হৈ পৰা জীৱনৰ কোনো ক্ষণত হঠাৎ মোৰ অৱচেতন মনৰ এটি সান্ত্বনাসূচক আহ্বানত মই হতভম্ব হ’লো- “জুবিন গাৰ্গ এক চিৰপ্ৰৱাহী ধাৰা। জুবিন গাৰ্গ এক যাত্ৰা- যি যাত্ৰা অনন্তকালৰ। আমি সকলো জুবিন গাৰ্গৰ অংশ। তেওঁ আছে আৰু সদায় থাকিব।” হয়তো আমি কল্পনা কৰিব নোৱাৰো।


ড° উপাসনা শৰ্মা, সহকাৰী অধ্যাপিকা
অসম ডাউন টাউন বিশ্ববিদ্যালয়

Related News