NORTHEAST NOW (Assamese)
অভিমত

প্ৰসঙ্গঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ; ৰাছিয়াৰ বাবে দ্বিতীয় আফগানিস্তান হোৱাৰ দিশত ইউক্ৰেইন

Posted by: মাধুৰ্য বৰুৱা Updated by: মাধুৰ্য বৰুৱা March 28, 2022 7:30 pm
Russia-Ukraine war

১৯৭৯ চনৰ ডিচেম্বৰ মাহৰ ২৪ তাৰিখে তেতিয়াৰ বৃহৎ শক্তি চোভিয়েট ইউনিয়নৰ সেনাবাহিনীয়ে ৰুছ-আফগান সীমান্তৰে প্ৰৱেশ কৰিছিল আফগানিস্তানত। সেয়া আছিল আমেৰিকা-ৰাছিয়াৰ মাজৰ শীতন যুদ্ধৰ সময়। উদ্দেশ্য আছিল আফগানিস্তানৰ ৰুছপন্থী চৰকাৰক ৰক্ষণাবেক্ষণ দিয়া আৰু ক্ৰমাৎ শক্তি বৃদ্ধি হৈ অহা ৰুছ আৰু কমিউনিষ্ট বিৰোধী ইছলামিক মুজাহিদীন শক্তিটোক প্ৰতিহত কৰা। সেই আফগান মুজাহিদীন শক্তিক ৰুছপন্থীৰ বিৰুদ্ধে অৰ্থ, অস্ত্ৰ আৰু প্ৰশিক্ষণেৰে সৰ্বতোপ্ৰকাৰে সহায় কৰিছিল আমেৰিকাই।

মাত্ৰ কেইমাহমানৰ ভিতৰতে আফগান মুজাহিদীনক নিঃশেষৰ লক্ষ্যৰে অহা বিশ্বৰ অন্যতম চুপাৰ পাৱাৰ তেতিয়াৰ চোভিয়েট ইউনিয়নৰ অতি শক্তিমান সেনাবাহিনীয়ে সুদীৰ্ঘ ১০ টাকৈ বছৰ সামৰিক অভিযান সত্বেও লক্ষ্যত উপনীত হ’ব নোৱাৰি পশ্চাৎগমন কৰিবলৈ বাধ্য হ’ল। বহুকেইটা মুখ্য কাৰকৰ ভিতৰত চোভিয়েটৰ অৰ্থনীতি ভাঙি পৰাৰ এক অন্যতম কাৰকো আছিল সেই সুদীৰ্ঘ আফগান যুদ্ধ। ফলশ্ৰুতিত ১৯৯১ চনত কমিউনিষ্ট চোভিয়েট ইউনিয়ন ভাঙি পৰিছিল আৰু তাৰ পৰা ১৫ খন ৰাজ্যই নিজকে স্বাধীন ৰাষ্ট্ৰ ৰূপে ঘোষণা কৰিছিল। সেই ১৫ খন ৰাষ্ট্ৰৰ ভিতৰত এখন আছিল ইউক্ৰেইন। যাৰ লগত ৰাছিয়াই আজি প্ৰায় এমাহ ধৰি এখন সৰ্বাত্মক যুদ্ধত লিপ্ত হৈ আছে।

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সমগ্ৰ বিশ্ব মূলতঃ তিনিটা ভাগত বিভক্ত হৈ পৰিছিল। জাৰ্মানীৰ পৰা চোভিয়েটৰ সেনাবাহিনীয়ে উদ্ধাৰ কৰা পোলেণ্ড, বুলগেৰিয়া, হাংগাৰী, পূব জাৰ্মানী আদিত নিজা অনুগত কমিউনিষ্ট পাৰ্টিৰ শাসন প্ৰতিষ্ঠা কৰিছিল। আনহাতে আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স আদি দেশ কমিউনিষ্ট শাসনৰ বিৰোধী আছিল আৰু পুঁজিবাদী গণতান্ত্ৰিক শাসনত আছিল বিশ্বাসী আৰু সেই প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে।

আনহাতে ভাৰত, ইণ্ডোনেছিয়া আদি দেশ উপৰোক্ত এটাও শিবিৰত অন্তৰ্ভূক্ত নহৈ গোষ্ঠী নিৰপেক্ষ শিবিৰত অন্তৰ্ভূক্ত হৈ আছিল। আমেৰিকাৰ নেতৃত্বত ১৯৪৯ চনত ৱাশ্বিংটন চহৰত ফ্ৰান্স, ইংলেণ্ড আদি দেশে কমিউনিষ্ট ৰুছৰ আগ্ৰাসন ৰোধ আৰু গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থাক সুৰক্ষিত কৰাৰ স্বাৰ্থত “নৰ্থ আটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্বন” চমুকৈ “নাটো” নামৰ সামৰিক সংগঠনটোৰ জন্ম দিছিল। এই সংগঠনত অন্তৰ্ভূক্তিৰ প্ৰথম চৰ্তই আছিল যে কোনো কমিউনিষ্ট ৰাষ্ট্ৰ নাটোৰ সদস্য হ’ব নোৱাৰে।

একেদৰে ১৯৫৫ চনত চোভিয়েট ইউনিয়নৰ নেতৃত্বত পোলেণ্ডৰ ৱাৰ্শ্ব চহৰত ৱাৰ্শ্ব ট্ৰেটি অৰ্গেনাইজেশ্বন গঠন হৈছিল। উদ্দেশ্য আছিল কমিউনিষ্ট শাসিত ৰাষ্ট্ৰক সুৰক্ষা আৰু আমেৰিকাৰ পুঁজিবাদী গণতান্ত্ৰিক ব্যৱস্থাটোক প্ৰতিৰোধ কৰা। এই দুই ধাৰাৰ বিশ্বজুৰি আৰম্ভ হোৱা দ্বন্দই আছিল শীতল যুদ্ধ (Cold War)ৰ সময়।

কমিউনিষ্ট শাসিত হাংগাৰীৰ বুডাপেষ্ট চহৰৰ বিশ্ববিদ্যালয়ৰ পৰা গণতন্ত্ৰ, বাক-স্বাধীনতা আদিৰ দাবীত আৰম্ভ হোৱা আন্দোলনৰ ধাৰাটোক মষিমূৰ কৰিবলৈ চোভিয়েটে ৫০ৰ দশকত হাংগাৰীলৈ সেনাবাহিনী প্ৰেৰণ কৰিছিল। একেদৰে পূৱ জাৰ্মানী আৰু পশ্চিম জাৰ্মানীৰ সীমা সুৰক্ষাৰ স্বাৰ্থটো T-90 টেংকৰ সহিতে প্ৰেৰণ কৰিছিল নিজ সেনা ৰেড-আৰ্মি। অন্যহাতে ভিয়েটনামটো আমেৰিকাই কমিউনিষ্ট প্ৰতিহতৰ নামত সুদীৰ্ঘ বছৰ জুৰি যুদ্ধত লিপ্ত হৈছিল। চিলিৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰক ক্ষমতাচ্যুত কৰিছিল। দুই বৃহৎ শক্তিয়ে সেই সময়চোৱাত নিজ নিজ স্বাৰ্থত একোখন দেশ অতি অশান্ত কৰি ধ্বংসস্তুপত পৰিণত কৰাৰ অলেখ উদাহৰণ আছে। এয়া তাৰে দুটামান উদাহৰণহে।

কেৱল সামৰিকেই নহয়, ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাৱেও চোভিয়েটক ধ্বংস কৰিবলৈ আমেৰিকাই প্ৰচেষ্টা অব্যাহত ৰাখিছিল। ৫০ৰ দশকতে তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি আইচেন হাৱাৰে মধ্যপ্ৰাচ্যৰ তেল উৎপাদনকাৰী দেশসমূহৰ ৰাজনীতিত প্ৰকাশ্যে হস্তক্ষেপ কৰা আৰম্ভ কৰিছিল। নিজ স্বাৰ্থৰ অনুকূলে নোযোৱা চৰকাৰবোৰ চলে-বলে-কৌশলে ভাঙি দিছিল, পৰিস্থিতি অশান্ত কৰি তুলিছিল। তেওঁ মুকলিকৈ কৈছিল যে মধ্যপ্ৰাচ্যত আমেৰিকাৰ স্বাৰ্থ নিহিত আছে, গতিকে তাত তেওঁলোকে হস্তক্ষেপ কৰিবই। এই নীতিকে আইজক হাৱাৰ “ড্ৰকট্ৰিন” নামে জনা যায়।

একেদৰে ৭০ৰ দশকত মধ্যপ্ৰাচ্যৰ দেশসমূহক অত্যাধিক খাৰুৱা তেল উৎপাদন কৰিবলৈ আমেৰিকাই বাধ্য কৰিছিল। যাৰবাবে আন্তঃৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিক ভাৱে নিম্নগামী হৈছিল। ইয়ো চোভিয়েট অৰ্থনীতিত বিস্তৰ ক্ষতি কৰিছিল। কাৰণ চোভিয়েট বিশ্বৰ দ্বিতীয় তেল উৎপাদন আৰু ৰপ্তানিকাৰী দেশ আছিল। তাতে সমান্তৰালভাৱে দীৰ্ঘদিনীয়া আফগান-ৰুছ যুদ্ধই দেশখনৰ অৰ্থনীতিৰ কঁকাল ভাঙি দিছিল।

এতিয়াও আমেৰিকাই ৰাছিয়াক বিশ্বত একাধিপত্য বিস্তাৰৰ ক্ষেত্ৰত প্ৰধান প্ৰতিদ্বন্দী ৰূপে গণ্য কৰে। সেয়েহে আমেৰিকাকে আদি কৰি পুঁজিবাদী পশ্চিমীয়া দেশসমূহ নিজে লিপ্ত নহ’লেও ৰুছ-ইউক্ৰেইন যুদ্ধ দীৰ্ঘদিনীয়া হোৱাটো কামনা কৰে যাতে ৰুছ অৰ্থনীতি বিধ্বস্ত হয়। Consultancy Europe ৰ ২ মাৰ্চত প্ৰকাশিত তথ্যনুসৰি বৰ্তমান প্ৰতিদিনে যুদ্ধখনত ৰাছিয়াৰ ভাৰতীয় টকাৰ হিচাপত দুই হাজাৰ কোটিকৈ খৰচ হৈ আছে।

তদুপৰি বিশ্বৰ আন আন দেশৰ লগত ডিজিটেল লেনদেনৰ বিচ্ছিন্নতাৰ স্বাৰ্থত ভিচা, মাষ্টাৰকাৰ্ড, আমেৰিকান এক্সপ্ৰেছ আদিয়ে ৰাছিয়ান বেংকৰ লগত লিংক বন্ধ কৰি দিলে। বিশ্বৰ বিভিন্ন দেশৰ লগত মুদ্ৰাৰ ডিজিটেল লেনদেনৰ প্ৰতিষ্ঠান “চ’চাইটী ফৰ ৱৰ্ল্ডৱাইড ইণ্টাৰ বেংক ফাইনান্সিয়েল টেলিকমিউনিকেশ্বন” চমুকৈ “চুইফ্ট”য়ে ৰাছিয়ান বেংকক একাষৰীয়া কৰিলে। এই প্ৰতিষ্ঠানে বিশ্বৰ প্ৰায় ১৯৫ খন দেশৰ মুদ্ৰাৰ ডিজিটেল লেনদেন কৰে। “গুগল পে”য়ে ৰাছিয়ান মুদ্ৰাৰ লেনদেন নকৰে এতিয়া।

বিশ্বৰ প্ৰায় ৪০ খন দেশে ৰাছিয়ান বিমানৰ বাবে নিজৰ আকাশমাৰ্গ আৰু এয়াৰপ’ৰ্ট বন্ধ কৰি দিলে। তদুপৰি টয়টা, হোণ্ডা, মাৰ্ছিদিজ, বি.এম.ডব্লিউ. আদি গাড়ীৰ কোম্পানী, কে.এফ.চি., মেকড’নাল্ড, কোকাকোলা, পেপচি আদি আন্তঃৰ্জাতিক খাদ্য প্ৰতিষ্ঠানে ৰাছিয়াত নিজৰ বজাৰ সামৰিলে। ৰাছিয়াক ফিফা, ইউৰোপিয়ান কাপ ফুটবল প্ৰতিযোগিতাত নিষিদ্ধ ঘোষণা কৰা হ’ল। ইয়াৰোপৰি ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া ফৰ্মূলা-ৱান “কাৰ ৰেচ” প্ৰতিযোগিতাও বাতিল কৰা হ’ল।

এনেবোৰ কাৰণৰ বাবেই আজি ৰাছিয়ান মুদ্ৰা ৰুবলৰ মূল্য আমেৰিকাৰ এক ডলাৰৰ সমমূল্য হ’লগৈ প্ৰায় এশ পাঁচ ৰুবল। যিটো আফগানিস্তানৰ মুদ্ৰাৰ মূল্যমানতকৈও অতিনিম্ন। অৰ্থাৎ ৰাছিয়াৰ অৰ্থনীতি এই যুদ্ধৰ ফলত ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ আগবঢ়াৰ সমান্তৰালকৈ বিশ্বত প্ৰায় একাষৰীয়া হ’বলৈ আৰম্ভ কৰিছে।

আমেৰিকা আৰু পশ্চিমীয়া দেশৰ সামৰিক শক্তি প্ৰত্যক্ষ ভাৱে যুদ্ধত লিপ্ত নহ’লেও ইউক্ৰেইনৰ সেনাক “এমেৰিকান জেভলিন”ৰ দৰে অত্যাধুনিক ক্ষেপণাস্ত্ৰ যোগান ধৰিছে। যাৰ দ্বাৰা কান্ধত লৈ শত্ৰুৰ বিমান, হেলিকপ্তাৰ, টেংক আদিলৈ নিক্ষেপ কৰি ধ্বংস কৰিব পাৰি। ৰাডাৰত ধৰা নপৰা অত্যাধুনিক ড্ৰোণ যোগান ধৰিছে। অন্যান্য অস্ত্ৰ-শস্ত্ৰবোৰটো আছেই। এইয়াইও ৰাছিয়াক বিস্তৰ ক্ষতি কৰিছে।

বিশ্বৰ এক বৃহৎ শক্তি হৈও ইউক্ৰেইন দখল কৰাত ব্যৰ্থ হৈছে ৰাছিয়া। শেহতীয়া খবৰানুসৰি আমেৰিকাই ইতিমধ্যে ইৰাক আৰু চিৰিয়াত চুন্নি মিলিচিয়াক অৰ্থ, অস্ত্ৰ আৰু প্ৰশিক্ষণেৰে তৈয়াৰ কৰিছেই। অৰ্থাৎ যিদৰে আফগান মুজাহিদীনক এসময়ত আমেৰিকাই আফগানিস্তানত ৰুছ সেনাৰ বিপক্ষে ব্যৱহাৰ কৰিছিল অনুৰূপ কাৰ্যব্যৱস্থাৰ পুনৰাবৃত্তি সংগঠিত কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। উল্লেখযোগ্য যে চিয়া-মিলিচিয়াক ইৰাকত কুখ্যাত আই.এচ.আই.এচ.ৰ বিপক্ষে ব্যৱহাৰ কৰিছিল আমেৰিকাই।

দূৰদৰ্শী সিদ্ধান্ত অবিহনে ইউক্ৰেইন অচিৰেই হৈ পৰিব ৰাছিয়াৰ বাবে এখন দ্বিতীয় আফগানিস্তান, এই ক্ষেত্ৰত কিন্তু কোনো সন্দেহ নাই।