NORTHEAST NOW (Assamese)

ইতি কথা-কেচটো নগেন : ৰিমলী বৰকটকী

May 21, 2025 6:31 am · ৰিমলী বৰকটকী
Updated: May 20, 2025 7:37 pm

কেচটো নগেন-এই ছবিখনৰ নামটো বৰ্তমান অসমীয়া ছবিৰ দৰ্শকৰ বাবে অৱগত। গত ৯ মে’ তাৰিখে মুক্তিলাভ কৰা এই ছবিখন বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত চলি আছে। ছবিখনৰ কাহিনী,চিত্ৰনাট্য তথা পৰিচালনা ধনজিৎ দাসৰ।

কচুবাৰী গাঁ‌ৱৰ এটি কাহিনীক লৈয়েই এই ছবিখন। ছবিখনত সূত্ৰধাৰৰ ভূমিকাত অভিনয় কৰিছে অভিনেতা তপন দাসে। কচুবাৰী গাঁ‌ৱৰ চৰিত্ৰসমূহৰ প্ৰতিষ্ঠাৰ পিছতে ছবিখনৰ কাহিনীভাগ ফ্লেছবেকত আগবাঢ়ে। বহু অসমীয়া ছবিত দেখুৱাৰ দৰেই গতানুগতিক অভাৱ জৰ্জৰিত এখন গাওঁ কচুবাৰী। পইচাৰ অভাৱত খেনুৱে যদি খাটি খাইছে,খেনুৱে আকৌ চুৰ-তাৰি কৰিছে,মুঠতে জীৱিকা চলোৱাৰ বাট বেলেগ বেলেগ সবাৰে। তাতে পূৰ্বৰ দৰে গতানুগতিক এজন লুভীয়া মহাজন। ইয়ালৈকে নতুনত্ব একো নাই। এই অভাৱী লোকসকলৰ মাজলৈ চেইন চিষ্টেমৰ ব্যৱসায়ক অনা হয়। এই ব্যৱসায়ৰ টকা আত্মসাৎ কৰি কিদৰে দুজন ব্যক্তি কচুবাৰীৰ পৰা পলাই যায় আৰু তৃতীয়জনে কিদৰে সকলোৰে ভৎসণা সহিও তাতেই বসবাস কৰে তাক দৰ্শোৱা হয় ফ্লেছবেকত। তাৰপিছত গাঁ‌ৱত এদিন হঠাৎ নগেনক বিচাৰি এজন ব্যক্তি(হিমাংশু প্ৰসাদ দাস)ৰ আগমণ ঘটে। তেওঁ নগেনক বিচৰাৰ সমান্তৰালকৈ কিদৰে ঘটনাপ্ৰৱাহ আগবাঢ়ে,তাক লৈয়েই ছবিখনৰ পৰৱৰ্তী কাহিনীভাগ আগুৱাই। পিছে ছবিখনৰ মধ্যাংশ পৰ্যন্ত ছবিখনৰ কাহিনীভাগ মনোগ্ৰাহী হৈ নুঠে। কাহিনীভাগ মনোগ্ৰাহী কৰি তোলাৰ সম্পূৰ্ণ থল আছিলে,ইয়াৰ মূল বাৰ্তাও শক্তিশালী আছিলে,পিছে দুৰ্বল চিত্ৰনাট্য আৰু সঠিক নিৰ্দেশনাৰ অভাৱত ই তেনে এক ৰূপ নল’লে। মহাজনৰ ঘৰত থকা পাহুৱাল গুণ্ডাবাহিনী অলপ আচহুৱা লাগিল। হাস্যৰসৰ উপস্থাপনৰ ক্ষেত্ৰতো একে কথাই ক’ব লাগিব,হাস্যৰসক যদিহে জোৰকৈ উপস্থাপন কৰাৰ চেষ্টা চলে,বা কোনো নিৰ্দ্দিষ্ট জাতি বা ভাষাক লক্ষ্য কৰি এই হাস্যৰস উপস্থপনৰ প্ৰয়াস চলে(যিটো কেচটো নগেনত দেখা গ’ল),তেন্তে ই হাস্যৰস হৈ নেথাকে। চন্দ্ৰ কুমাৰ দাসৰ চিত্ৰগ্ৰহণৰ দিশটো প্ৰশংশনীয়। উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাৰ দিশ দুৰ্বল। ছবিখন নাতিদীৰ্ঘ কৰাৰ থল আছিল। পল্লৱ তালুকদাৰৰ আৱহ-সংগীত পৰিস্থিতি সাপেক্ষ।

অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব হিমাংশু প্ৰসাদ দাসৰ পৈণত অভিনয়ৰ। সমগ্ৰ ছবিখনতে একমাত্ৰ তেওঁৰ অভিনয়কেই নাটকীয়তাই স্পৰ্শ কৰি যোৱা নাই। বাকী সকলৰ অভিনয় গতানুগতিক। মুঠতে এক কথাত ক’বলৈ গ’লে কেচটো নগেন চাই আশাপ্ৰদ এক সম্ভাৰ নেপালো।

ৰিমলী বৰকটকী।
মেইল- rimli.borkotoky1985@gmail.com

Related News