NORTHEAST NOW (Assamese)

প্ৰথমবাৰৰ বাবে অসমীয়া যুৱকে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নতুন দিল্লীত

April 22, 2019 11:37 am · এন ই নাও নিউজ
অৰ্বীণ কুমাৰ বৰুৱা। ফাইল ফটো।

লোকসভা নিৰ্বাচনত নতুন দিল্লী সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এজন অসমৰ যুৱকে। অৰ্বীণ কুমাৰ বৰুৱা নামৰ যুৱকজনে নতুন দিল্লী সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। যুৱকজনৰ ঘৰ যোৰহাটত বুলি জানিব পৰা গৈছে। আৰু তেওঁ যোৱা ১১ এপ্ৰিলত যোৰহাটত হৈ যোৱা লোকসভা নিৰ্বাচনৰ প্ৰথম প্ৰৰ্যায়ত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

অৰ্বীণ কুমাৰ বৰুৱা এজন সমৰকলা খেলুৱৈ আৰু অভিনেতা হিচাপে জনসাধাৰণৰ মাজত পৰিচিত যুৱক। তেওঁ কাইলৈ অৰ্থাৎ ২৩ এপ্ৰিলত নতুন দিল্লীত দাখিল কৰিব। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ৰাজনীতিৰ পথাৰত ভৰি দিয়া অৰ্বীণ কুমাৰ বৰুৱাই সাংবাদিকৰ আগত তেওঁৰ মূল ইচ্ছ্যু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা বুলি উল্লেখ কৰে।

নিৰ্দলীয়া প্ৰাৰ্থী হিচাপে থিয় দিব লগীয়া অৰ্ণীব কুমাৰ বৰুৱাই দিল্লীৰ সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতিৰ ওচৰতো ভোট ভিক্ষা কৰিবলৈ যাব বুলি জানিবলৈ দিয়ে।

মন কৰিবলগীয়া যে দিল্লী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া অৰ্ণীব কুমাৰ বৰুৱাই প্ৰথমজন অসমীয়া যি ৰাজ্যৰ বাহিৰৰ কোনো এটা সমষ্টিত লোকসভাৰ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় দিছে।

Related News