NORTHEAST NOW (Assamese)

গান্ধী বাস্তৱ বিমুখ আছিলনে? শৈশৱৰ পৰা মৃত‍্যু পৰ্যন্ত গান্ধীৰ চিন্তা আছিল বাস্তৱিক চিন্তা।

October 2, 2025 9:16 pm · এন ই নাও নিউজ, গুৱাহাটী

মানুহে প্ৰায়ে কয়- এহ্ এওঁ গান্ধী ওলাইছে। আজিকালি গান্ধীৰ কোনো কাম নাই। বহুতেই ভাবে, গান্ধীজী এগৰাকী বাস্তৱ বুদ্ধি বিবৰ্জিত আদৰ্শ খাই জীয়াই থকা ব‍্যক্তি আছিল। কথাটো বাৰু সঁচানে? আদৰ্শবান গান্ধী নিশ্চয় আছিল। কিন্তু সঁচাকৈ তেওঁ বাস্তৱ বুদ্ধি বিবৰ্জিত লোক আছিলনে? গান্ধীৰ জীৱনে আমাক তেনে এটা কথা মানি লবলৈ কয়নে? শিশু কালৰ পৰা গান্ধীয়ে কি কৰিছিল? গান্ধীয়ে কেতিয়াও কোনো সমস‍্যা এৰি যোৱা নাছিল। আওকাণ কৰা নাছিল। দোষ, দুৰ্বলতাৰ কথা বেলেগকিন্তু গা এৰা দিয়া বিধৰ মানুহ তেওঁ কেতিযাও নাছিল। সৰুৰে পৰা গান্ধীৰ ব‍্যক্তিত্বৰ মূল বৈশিষ্ট‍্য আছিল বাস্তৱ পৰিস্থিতিৰ সন্মুখীন হোৱা। লৰালিৰ সকলো দুষ্টালিৰ লগত তেওঁ তেনেকৈয়ে জড়িত হৈ পৰিছিল- সেয়া মাংস খোৱাই হওক বা বেশ‍্যা গমনেই হওক। তেনেই ডেকা বয়সত সংগ দোষত পৰি তেওঁ এবাৰ বেশ‍্যালয়লৈ গৈছিল। কিন্তু তাত সোমোৱাৰ পিছত তেওঁ ইমানেই লজ্জিত হৈছিল যে মহিলা গৰাকীক স্পৰ্শ কৰাতো দূৰৈৰ কথা, তালৈ যোৱা বাবে  অন্তৰ্দ্বন্দ্বেৰে জৰ্জৰিত হৈ তেওঁ সেই ঠাই পৰিত‍্যাগ কৰিছিল। কিন্তু  সকলোৰে তেওঁ সন্মুখীন হৈছিল।

তাৰপিছত,  তেওঁ যেতিয়া বিলাতলৈ গৈছিল তাত আমি কি দেখিলোঁ। প্ৰথমে তেওঁ ইংৰাজ হ’বৰ কাৰণে কি কৰা নাছিল? কিন্তু যেতিয়া গম পালে সেইবোৰ অৰ্থহীন কচৰৎ, ততালিকে তেওঁ সেই অনুশীলন আৰু অভ‍্যাসবোৰ বাদ দিলে।তাৰপিছত তেওঁ উকীল হৈ ভাৰতলৈ ঘূৰি আহি তেওঁৰ কি দশা হৈছিল সেইটোও আমি জানো। কিন্তু গান্ধীৰ জীৱনৰ গতিপথ সলনি কৰা মূল ঘটনাবোৰ ঘটে দক্ষিণ আফ্ৰিকাত। তালৈ তেওঁ গৈছিল দুজন সদাগৰৰ মাজৰ বিচাৰৰ মীমাংসা কৰিবলৈ। কিন্তু সেইটো কৰিবলৈ যাওঁতে তেওঁ দক্ষিণ আফ্ৰিকাত থকা ভাৰতীয় মানুহৰ সমস‍্যাৰ লগত জড়িত হৈ পৰে। তাত তেওঁৰ কিখন লটি-ঘটি হৈছিল, তেওঁক কেনেকৈ শাৰীৰিকভাৱে অপদস্থ কৰা হৈছিল আমি সকলোৱে জানো।কিন্তু গান্ধীজী নিজৰ পথৰ পৰা কেতিয়াও আঁতৰি অহা নাছিল। পিছ হোঁহকি অহা নাছিল। কোনো কথাৰ পৰাই ফালৰি কাটি অহা গান্ধীজীৰ  স্বভাৱ-বিৰুদ্ধ আছিল। তেওঁৰ পঢ়া-শুনাও ঠিক তেনেকুৱাই আছিল। গান্ধীয়ে ১৯০৪ চনত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পৰা ডাৰবানলৈ ৰেলেৰে ভ্ৰমণ কৰোঁতে জন ৰাচকিনৰ ‘Unto This Last’ নামৰ কিতাপখন পঢ়িবলৈ লগত লৈ গৈছিল। কিন্তু কিতাপখন পঢ়ি ইমানেই ভাল পালে যে তেওঁ গোটেই নিশা উজাগৰে থাকি কিতাপখন পঢ়ি শেষ কৰিলে। কিন্তু কেৱল কিতাপখন পঢ়িয়ে তেওঁ ক্ষান্ত থাকিলনে? নাই, তেওঁ কিতাপখনৰ কথাবোৰ হাতে-কামে কৰিবলৈ, তাক বাস্তৱ ৰূপ দিবলৈ ‘টলষ্টয় পাম’ খুলিলে ১৯১০ চনত জোহান্সবাৰ্গৰ ওচৰৰ ঠাই এখনত। তেওঁ কিতাপখন পঢ়িলে ১৯০৪ চনত আৰু টলষ্টয় পাম খুলিলে ১৯১০ চনত। গান্ধীয়ে ভাৰতলৈ আহি কি কৰিলে? ভাৰতলৈ আহি গান্ধীয়ে কৰা প্ৰথম দুটা  কাম মোৰ মনত আছে। তাৰে এটা বিহাৰৰ চম্পাৰণৰ নীল খেতিয়ক সকলৰ দুৰ্যোগ। তাত তেওঁ থাকি লৈ খেতিয়ক সকলৰ দুখ-দুৰ্দশা জানিবলৈ/ উপলব্ধি কৰিবলৈ যিমান মনোযোগেৰে  তেওঁলোকৰ সমস‍্যাবোৰ অধ‍্যয়ন কৰিছিল সেইটো সঁচাকৈ বিৰল আছিল। তাৰ পিছত কিন্তু তাৰ স্থায়ী সমাধানৰ বাবে তাৰ জনসাধাৰণৰ মাজত শিক্ষা আৰু স্বাস্থ‍্য সজাগতাৰ বাবে কাম কৰাৰহে তেওঁ  পোষকতা কৰিছিল। দ্বিতীয় কথাটো আছিল আহমেদাবাদৰ শ্ৰমিকসকলক লৈ। মিলৰ মালিক আৰু শ্ৰমিকসকলৰ মাজৰ বিবাদত গান্ধীয়ে হস্তক্ষেপ কৰিছিল। গতিকে ভাৰতত গান্ধীজীৰ জীৱন আৰম্ভ হৈছিল কৃষক/ শ্ৰমিকৰ মাজত।

তাৰ পিছৰ কথাবোৰ স্বাধীনতা সংগ্ৰামৰ, স্বাধীনতা সংগ্ৰামত  গান্ধীৰ ভূমিকা এতিয়া ইতিহাস। কিন্তু তাৰ পিছতো এটা গুৰুত্বপূৰ্ণ কথা থাকি গ’ল। যি পৰিস্থিতি আৰু চৰ্তৰ মাজেৰে দেশে স্বাধীনতা লাভ কৰিছিল তাত গান্ধী মুঠেই সুখী নাছিল। কিন্তু স্বাধীনতাৰ সময়ত দেশ বিভাজনৰ ফলত সেই সময়ত  দেশত যি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল তেতিয়া কিন্তু গান্ধী হাত সাৱটি বহি থকা নাছিল। তেওঁ প্ৰথমে নোৱাখালি, তাৰপিছত বিহাৰ আৰু শেষত দিল্লীলৈ আহি  সাম্প্ৰদায়িক  সম্প্ৰীতিৰ বাবে প্ৰাণাহুতি দিছিল। এইজনা গান্ধী বাস্তৱ বুদ্ধি বিবৰ্জিত আছিলনে?  গান্ধীয়ে ক’ত ভুল কৰিছিল, ক’ত শুদ্ধ কৰিছিল সেইটো বেলেগ কথা। কিন্তু গান্ধীৰ বাস্তৱৰ লগত সম্পৰ্ক নাছিল বুলি কোৱা কথাটোৰ সমান ভুল কথা একো নাই। অঁ এটা কথা সঁচা। গান্ধীয়ে কেতিয়াও সুবিধাবাদী অৱস্থান লৈ কাৰো লগত কোনো আপোচ কৰা নাছিল।সেয়ে গান্ধী চিন্তা আৰু গান্ধী দৰ্শন সদায় এক ব‍্যৱহাৰিক চিন্তা আৰু দৰ্শন। আৰু এটা কথা। আজি যে সমগ্ৰ পৃথিৱীখনত হাহাকাৰ লাগিছে? কিয়? প্ৰযুক্তি আৰু বহুজাতিকে আমাক কি কৰিছে? জলবায়ু পৰিবৰ্তনৰ সমস‍্যাই একা? তাৰ কাৰণ কি? অসীম ভোগবাদ নহয়নে? গান্ধীয়ে আমাৰ প্ৰয়োজন সীমিত কৰাৰ কথা কোৱা নাছিলনে? গতিকে শৈশৱৰ পৰা মৃত‍্যু পৰ্যন্ত গান্ধী চিন্তা আছিল বাস্তৱিক চিন্তা। হয়, সি কেতিয়াও আদৰ্শ ৰহিত নাছিল। আজি গান্ধীজীৰ জন্ম জয়ন্তীৰ দিনা বোধহয় আমি সেই কথাটো উপলব্ধি কৰা আৰু মনত পেলোৱা অতি দৰকাৰ।

Related News