NORTHEAST NOW (Assamese)
Popular Stories

পাঁচগৰাকীতকৈ অধিক লোকৰ হত্যাৰ বলি হৈছিল নেকি জুবিন গাৰ্গ? আদালতত কেনেকৈ প্ৰমাণ দিব CIDয়ে?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 2, 2025 8:10 pm
পাঁচগৰাকীতকৈ অধিক লোকৰ হত্যাৰ বলি হৈছিল নেকি জুবিন গাৰ্গ? আদালতত কেনেকৈ প্ৰমাণ দিব CIDয়ে?

১০৩ ধাৰাটো হত্যাৰ গোচৰ। যিয়ে হত্যা কৰে তেওঁক বা তেওঁলোকৰ মৃত্যুদণ্ড বা আজীৱন কাৰাদণ্ডৰ শাস্তি বিহাৰ লগতে জৰিমনাও হব পাৰে।

এই ধাৰা অনুসৰি জাতি, জাতি বা সম্প্ৰদায়, লিংগ, জন্মস্থান, ভাষা, ব্যক্তিগত বিশ্বাস বা আন কোনো ভিত্তিত একেলগে কাম কৰা পাঁচজন বা তাতকৈ অধিক লোকৰ এটা দলে আক্ৰমণ কৰি হত্যা কৰিলে এনে গোটৰ প্ৰতিজন সদস্যক মৃত্যুদণ্ড বা আজীৱন কাৰাদণ্ড আৰু জৰিমনাও হব লাগিব।

এই সন্দৰ্ভত আমি কথা পাতিছিলো অধিবক্তা অন্যনা শইকীয়াৰ সৈতে। নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত অনন্যা শইকীয়াই কি কলে আমি শুনাই লৈছো।

নিশ্চয়কৈ, সংযোজন কৰা ধাৰা মতে আদালতত এইসমূহ প্ৰমাণ দিব পাৰিব লাগিব বা তথ্য প্ৰমাণসহ চাৰ্জশ্বীট দাখিল কৰিব লাগিব CIDয়ে। নিশ্চয়কৈ, লাখ লাখ জুবিন অনুৰাগীয়েও আশাৰে বাট চাই ৰৈছে SITলৈ যাতে প্ৰকৃত দোষীয়ে উচিত শাস্তি লাভ কৰাৰ লগতে জুবিন গাৰ্গে ন্যায় পাওঁক। সেয়াই সকলোৰে কামনা।