NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাৰ সৈতে শুল্ক যুদ্ধৰ মাজতে ভাৰতত মোদী-পুটিনৰ বৈঠক!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 2, 2025 7:00 pm

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে ‘শুল্ক যুদ্ধৰ মাজতে ডিচেম্বৰ মাহত ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰিব। বিশেষজ্ঞসকলৰ মতে, প্ৰথম অৱস্থাত দুয়োজন ৰাষ্ট্ৰপ্ৰধানে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে মুখামুখি হবলৈ কৌশলগত বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। অৱশ্যে এই বৈঠকত আন কেইবাটাও বিষয়তো আলোচনা কৰা হব বুলি সূত্ৰই প্ৰকাশ কৰিছে।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদী চীনলৈ গৈ চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশ লৈছিল। সেই সময়ত তেওঁ পুটিনক লগ পাইছিল। ইয়াৰ উপৰিও যোৱা আগষ্ট মাহত মস্কো ভ্ৰমণ কৰিছিল ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে। তেতিয়াই ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে মোদীক লগ কৰিবলৈ ভাৰতলৈ আহিব বুলি গুণা-গথাঁ চলিছিল। এইবাৰ কোৱা হৈছে যে পুটিন ভাৰতলৈ অহা তাৰিখ প্ৰায় চূড়ান্ত হৈছে। পাঁচ ডিচেম্বৰত ভাৰতলৈ আহিব পুটিন। সূত্ৰ অনুসৰি ট্ৰাম্পৰ শুল্ক ভাবুকিৰ বাহিৰেও দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ লগতে বাণিজ্য, প্ৰতিৰক্ষাকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰিবলৈ আগ্ৰহী দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধান।

উল্লেখ্য যে ট্ৰাম্পৰ দাবীৰ বাবেই ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি সম্পাদন নহল। তাৰ ওপৰত আমেৰিকাই ৰাছিয়াৰ তেল ক্ৰয় কৰি ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলে। এই ভাবুকিৰ লগতে ৫০ শতাংশ শুল্ক আৰোপ কৰা হয়। বাণিজ্য চুক্তিৰ কোনো অগ্ৰগতি নহলে ভাৰতৰ সৈতে শুল্ক সন্দৰ্ভত আলোচনা নকৰে বুলি হোয়াইট হাউছে কয়। কিন্তু মাজে মাজে নতুন দিল্লীৰ সৈতে বন্ধুত্বৰ কথা কোৱাৰ পাছতো ট্ৰাম্পে গোপনে ‘বন্ধুত্বপূৰ্ণ দেশসমূহক ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰিবলৈ অনুৰোধ জনাইছে। এই পৰিস্থিতিত বিশেষজ্ঞসকলৰ মতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ যথেষ্ট তাৎপৰ্যপূৰ্ণ।