NORTHEAST NOW (Assamese)
অসম

ক’ৰ পৰা আহিল? কৰিমগঞ্জৰ সোণবিলত উদ্ধাৰ এটি বিপন্ন ‘স্লো লৰিছ’।

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 10, 2023 12:52 pm

কৰিমগঞ্জত উদ্ধাৰ হৈছে এবিধ বিপন্ন প্ৰজাতিৰ জীৱ। জিলাখনৰ কালিবাৰী অঞ্চলৰ চোটোকোনা গাঁৱৰ বাসিন্দা মনোজ কুমাৰ নাথ নামৰ এজন লোকে প্ৰথমে স্লো লৰিছটোক এজোপা গছত প্ৰত্যক্ষ কৰে।

যোৱা ৮ এপ্ৰিলৰ সন্ধিয়া প্ৰায় ৭ বজাত মনোজ কুমাৰ নাথে প্ৰত্যক্ষ কৰে এই দুস্পাপ্য জন্তুটো।

সূত্ৰ অনুসৰি স্লো লৰিছটোক গছৰ পৰা নমাই আনি বন বিভাগক এই বিষয়ে অৱগত কৰা হয়। লগে লগে বন বিভাগৰ লোক সেই স্থানত উপস্থিত জন্তুটোক উদ্ধাৰ কৰে।

জানিব পৰা মতে, উদ্ধাৰ হোৱা স্লো লৰিছটোক বৰাইল অভয়াৰণ্যত মুকলি কৰি দিয়া হৈছে।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও অসমপশ্চিম বংগ সীমান্তত আটক কৰা এখন ট্ৰাকৰ পৰা বিলুপ্তপ্ৰায় বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছিল। কোচবিহাৰ জিলাৰ টুফানগঞ্জ মহকুমাৰ বকশিৰহাটৰ যোৰাইমোৰ চেক গেটত আৰক্ষীয়ে আটক কৰে ট্ৰাকখন।

ট্ৰাকখনৰ পৰা কেইবাটাও প্ৰজাতিৰ বিপন্ন প্ৰাণী উদ্ধাৰ কৰা হয়। সূত্ৰ অনুসৰি গুৱাহাটীৰ পৰা মহাৰাষ্ট্ৰলৈ গৈ থকা ট্ৰাকখনৰ পৰা ৬টা অষ্ট্ৰেলিয়ান ভালুকৰ পোৱালী আৰু ৬ টা গিবন উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে এই চোৰাং ব্যৱসায়ৰ সৈতে জড়িত তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা এজন লোক কেৰালাৰ, বাকী দুজন মহাৰাষ্ট্ৰৰ।