NORTHEAST NOW (Assamese)
অসম

চূড়ান্ত এন আৰ চিলৈ মাত্ৰ তিনি দিন; বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 27, 2019 7:51 pm
IMG_20190827_113400

আগন্তুক ৩১ আগষ্টত প্রকাশ পাব লগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা সন্দৰ্ভত আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

মহকুমাধিপতি বিবেক শ্যামৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বোকাখাতৰ স্থানীয় নাগৰিক, বিভিন্ন দল সংগঠনৰ প্রতিনিধি, স্থানীয় সাংবাদিক সকল উপস্থিত থাকে।

সভাত মহকুমাধিপতি গৰাকীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্রকাশৰ সময়ছোৱাত সকলোকে মহকুমাটোত শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জানায়।

সভাত বোকাখাত ৰাজহ চক্ৰৰ বিষয়া খনিন্দ্র দাসে এন আৰ চিৰ চূড়ান্ত তালিকা সম্পর্কে বিতংকৈ ব্যাখ্যা কৰাৰ লগতে কোনা ব্যক্তিৰ নাম চূড়ান্ত তালিকা প্রকাশ নাপালে ভীতিগ্রস্ত নহ’বলৈ আহ্বান জনায়।

উল্লেখ্য যে, চূড়ান্ত তালিকাত নাম প্রকাশ নোপোৱা ব্যক্তিসকলে নাগৰিকত্ব আইন, ২০০৩ ৰ অনুসূচীৰ ৮ নং ধাৰা মর্মে নির্ধাৰিত বিদেশী ন্যায়াধিকৰণত আপীল দাখিল কৰিব পাৰিব।

ইতিমধ্যে আবেদন পূৰণৰ সময়সীমা ৬০ দিনৰ পৰা ১২০ দিনলৈ বৃদ্ধি কৰা হৈছে।

আনহাতে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকাৰ পৰা বাদ পৰা দৰিদ্ৰলােকসকলক জিলা আৰু সেৱা প্ৰাধিকৰণৰ জৰিয়তে আইনী সাহায্য আগবঢ়াবলৈ প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

বিদেশী ন্যায়াধিকৰণে চূড়ান্ত ৰায় নিদিয়ালৈকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্তি নোহোৱা কোনো ব্যক্তিকে কোনোধৰণেৰে আৱদ্ধ কৰা নহ’ব বুলিও উল্লেখ কৰে।