NORTHEAST NOW (Assamese)

বোকাখাতত বেডমিন্টন একাডেমী আৰু জিমনেছিয়াম উদ্বোধন

October 13, 2018 2:25 pm ·

বোকাখাতৰ এজন উদীয়মান যুৱক পবিত্ৰ শইকীয়াৰ ব্যক্তিগত প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিওৱা এখন ইনডোৰ বেডমিন্টন কৰ্ট আৰু এখন অত্যাধুনিক জিমনেছিয়াম প্ৰকল্পৰ আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ৷

বোকাখাতৰ জ্যোতিপুৰত নিৰ্মাণ কৰি উলিওৱা  ‘অনুৰাগ বেডমিন্টন একাডেমী আৰু জিমনেছিয়াম’ নামৰ এই প্ৰকল্পটোৰ অন্তৰ্গত বেডমিন্টন কৰ্টখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে গোলাঘাট জিলাৰ ক্ৰীড়া বিষয়া ৰিলীপ ৰংহাঙে আৰু জিমনেছিয়ামখন উদ্বোধন কৰে মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাই ৷

এই উপলক্ষে আয়োজিত এক বিশেষ অনুষ্ঠানত মহাদেৱ ডেকা আৰু ৰিলিপ ৰংহাংৰ লগতে ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,  প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলী, মহকুমা স্বাস্থ্য বিষয়া ভাৰত ফুকন, গোলাঘাট জিলা বেডমিন্টন এচোচিয়েশ্যনৰ সম্পাদক নৱজ্যোতি বৰা আৰু বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা উপস্থিত থাকে৷

অনুষ্ঠানত পবিত্ৰ শইকীয়াৰ পুত্ৰ অনুৰাগৰ সপ্তম সংখ্যক জন্মদিনৰ কেক কটা হয়৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাই বোকাখাতত ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি উঠা এই ক্ৰীড়া প্ৰকল্পটোৰ বাবে পবিত্ৰ শইকীয়াক ধন্যবাদ জনায়৷ তেওঁ সুন্দৰ আৰু সুস্থ শৰীৰেৰে দীৰ্ঘ দিন জীয়াই থকাৰ বাবে পুৰুষৰ লগতে মহিলাকো শৰীৰ চৰ্চ্চা কৰিবৰ বাবে আহ্বান জনায়৷

অনুষ্ঠানত পবিত্ৰ শইকীয়াৰ পিতৃ ফণীধৰ শইকীয়া , মাতৃ মিনু শইকীয়া  আৰু আইতাক জানকী শইকীয়াক সমুহ সাংবাদিকৰ হৈ সম্বৰ্ধনাও জনোৱা হয় ৷ অনুষ্ঠানৰ শেষত মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাই তেওঁ শৰীৰ সৌষ্ঠব প্ৰদৰ্শন কৰে ৷

Related News