NORTHEAST NOW (Assamese)

অলপ আলাপ: অৰ্ঘদীপ বৰুৱাৰ সৈতে

November 13, 2022 10:16 am · ৰিমলী বৰকটকী
Updated: November 12, 2022 1:26 pm

“আমিষ”ৰ সেই পৰিচিত চেহেৰাটিক ন-কৈ পৰিচয় কৰোৱাৰ নিশ্চয়কৈ প্ৰয়োজন নাই। আমিষৰ পিছত শেহতীয়াকৈ গুৱাহাটী ডায়েৰীজ আৰু মোৰ শেষ গানৰ মূখ্য ভূমিকাত অভিনয় কৰা অৰ্ঘদীপ বৰুৱাৰ সৈতেই আজিৰ এই বিশেষ আলাপ। পিছে অভিনয়ৰ বহু আগৰে পৰাই অৰ্ঘদীপ বৰুৱা সংগীতৰ লগতহে ওতঃপ্ৰোতভাৱে জড়িত। এক একক তথা সুকীয়া কন্ঠৰ গৰাকী অৰ্ঘদীপ এতিয়ালৈকে বহু সুন্দৰ গীততে কন্ঠদান কৰিছে। তথ্যচিত্ৰ নিৰ্মাণ আৰু সম্পাদনাৰ লগতো জড়িত অৰ্ঘদীপ। অভিনয়ৰ ক্ষেত্ৰতো এজন পৰিপক্ক অভিনেতাৰ ৰূপত ক্ৰমশঃ জিলিকি উঠিব ধৰিছে। ইমানখিনি প্ৰতিভা একেলগে থকা শিল্পীৰ সংখ্যা খুবেই কম। পিছে ইমানখিনিৰ পিছতো,স্ব-প্ৰচাৰ আৰু গ্লেমাৰৰ প্ৰতি অনাগ্ৰহী,সৌম্য বা এক কথাত ক’বলৈ গ’লে “মাটিৰ মানুহ”হেন যুৱক অৰ্ঘদীপ বৰুৱা। অৰ্ঘদীপৰ সৈতে কিছু কথা পাতিছিলো সংগীত আৰু চিনেমাৰ বিষয়ে,তেওঁ‌ৰ বিষয়ে,তাৰেই কিয়দাংশ পাঠকৰ বাবে তুলি ধৰিছো।

প্ৰশ্নঃ-১)তুমি নিজকে কোন ৰূপত চিনাকি দিবলৈ ভালপোৱা-পৰিচালক,সংগীতশিল্পী,অভিনেতা নে সম্পাদক?ইয়াৰে কি আটাইতকৈ বেছি মনৰ ওচৰ?

অৰ্ঘদীপ:-মই আচলতে নিজকে এজন কাহিনী-কথক বুলি ক’বলৈ বেছি ভালপাওঁ। এই কাহিনী কথনৰ মাধ্যম বাৰু সলনি হৈ থাকে। অভিনয়ৰ ক্ষেত্ৰত মই এতিয়াও বহুতো শিকিবলৈ বাকী আছে বুলিয়েই ভাবো আৰু শিকিবৰ চেষ্টা কৰি আছো। আৰু এই আটাইকেইটা মাধ্যমৰ ভিতৰত সংগীতেই সেইটো মাধ্যম,যাৰ মাজেৰে মই সম্পূৰ্ণৰূপে আত্মপ্ৰকাশ কৰিব পাৰো।

প্ৰশ্নঃ-২)যিহেতু তুমি সংগীত আৰু চলচ্চিত্ৰ-কলাৰ এই দুয়ো মাধ্যমৰ লগতেই জড়িত,তুমি মানুহৰ বাবে,সমাজৰ বাবে কলাৰ অৱদান আৰু গুৰুত্বৰ বিষয়ে কি ভাবা ?

অৰ্ঘদীপ:-সংগীতৰ লগত স্কুলীয়া দিনৰে পৰাই জড়িত,পিছে চলচ্চিত্ৰ আৰু অভিনয়ৰ লগত বহু পলমকৈ জড়িত হৈছো। গণসংযোগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত”ফিল্ম ষ্টাডিজৰ”বিষয়ে পঢ়ি চিনেমাৰ প্ৰতি দৃষ্টিভংগী আৰু অলপ সলনি হ’ল। পৰৱৰ্তী সময়ত”গ্ৰীণহাব”ত ফেল’শ্বিপ কৰি থকাৰ পৰত আৰু অলপ বেছিকৈয়ে চিনেমাৰ কাষ চাপিলো। মই ভাবো সংগীত আৰু চলচ্চিত্ৰ-এই দুয়ো দৃশ্য-শ্ৰাব্য মাধ্যমেই আমাৰ স্বকীয় সাংস্কৃতিক ঐতিহ্যক সংৰক্ষণ কৰাৰ লগতেই ভৱিষ্যত প্ৰজন্মৰ বাবে কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত খুবেই শক্তিশালী ভূমিকা পালন কৰে। লগতেই সামাজিক পট-পৰিৱৰ্তনৰ দিশতো বিশেষ ভূমিকা আছে এই দুই মাধ্যমৰ। এই দুই মাধ্যমৰ যোগেদি এজন শিল্পীয়ে সামাজিক বক্তাৰ ভূমিকা পালন কৰিব পাৰে,যি আমাৰ সকলোৰে দ্বায়িত্ব।

প্ৰশ্নঃ-৩)তোমাৰ বাবে চিনেমা কি? চিনেমাৰ প্ৰতি এই মোহ বা প্ৰেমৰ কাৰণ কি আৰু কেতিয়াৰ পৰা এই প্ৰেম আৰম্ভ হৈছিল?

অৰ্ঘদীপ:-চিনেমাৰ প্ৰতি প্ৰেম বা মোহ আশৈশৱ। ক্ৰমশঃ যিমানে চিনেমাৰ কাষ চাপিছো বা শিকি আছো,সিমানেই চিনেমাৰ সংজ্ঞা মোৰ বাবে সলনি হৈ গৈ আছে। সৰুতেই ঘৰত সত্যজিত ৰায়,ৰিত্বিক ঘটক,বিমল ৰয় আদিৰ চিনেমা চাবলৈ পাইছিলো। তেতিয়াৰ পৰা বাঢ়ি অহা অৱস্থা পৰ্যন্ত চিনেমা যদি কেতিয়াবা মনোৰঞ্জনৰ মাধ্যম আছিলে,আন কেতিয়াবা বাস্তৱৰ পৰা পলায়নৰ। পিছে এতিয়া,চিনেমা জীৱন আৰু সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম বুলি ভাবো।

প্ৰশ্নঃ-৪)বৰ্তমানলৈকে নিজৰ কোনটো কাম কৰি আটাইতকৈ সুখী?

অৰ্ঘদীপ:-“স্মৃতিৰ ৰ’দালি”বুলি যিটো গীতত কন্ঠদান কৰিছিলো,আৰু ভিডিঅ’টিতো অংশগ্ৰহণ কৰিছিলো,সেইটো আটাইতকৈ ভাল লগা কাম। চিনেষ্টে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই গীতটিয়ে শ্ৰেষ্ঠ মিউজিক ভিডিঅ’ৰ বঁ‌টাও লাভ কৰিছিলে।লগতেই নিউয়ৰ্ক আৰু বাংগালুৰুৰ দুটি মহোৎসৱৰ বাবেও নিৰ্বাচিত হৈছিলে।

প্ৰশ্নঃ-৫)সংগীত সাধনাৰ আৰম্ভণি কেনেকৈ আৰু কেতিয়াৰ পৰা কৰিছিলা?সংগীতৰ বিশেষ কোনো পাঠ্যক্ৰম?

অৰ্ঘদীপ:-সৰুৰে পৰাই ঘৰত,চিনেমাৰ দৰেই সংগীতৰো এটা পৰিবেশ পাইছিলো। নৱম মানত থকাৰ পৰা সংগীতৰ প্ৰতি আকৰ্ষণ বেছি হ’ল,চৰ্চাও ভালকৈ আৰম্ভ হ’ল। পিছত ভাটখাণ্ডেৰ পৰা সংগীতত বিশাৰদৰ পাঠ্যক্ৰম কৰিলো।

প্ৰশ্নঃ-৬)সংগীতৰ ক্ষেত্ৰত অনুপ্ৰেৰণা লাভ কৰা বা আদৰ্শৰূপে গণ্য কৰা কোনোবা আছে নেকি?
অৰ্ঘদীপ:-যিহেতু ধুবুৰীৰ সন্তান মই,গতিকে শৈশৱৰে পৰাই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰভাৱ ঘৰতেই দেখিবলৈ পাইছিলো। লগতে সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা,মহম্মদ ৰফী,কিশোৰ কুমাৰ,জুবিন গাৰ্গ,জিতুল সোণোৱালৰ গীতেও অনুপ্ৰাণিত কৰিছিলে। ইয়াৰ লগতেই ৰিম্পু দা আৰু মৰম দাৰ অনুপ্ৰেৰণা আৰু সহযোগিতাৰ কথাও ক’বই লাগিব।

প্ৰশ্নঃ-৭)সংগীতৰ ক্ষেত্ৰত নিজকে কোন ধাৰাৰ গায়ক বুলি ভাবা?

অৰ্ঘদীপ:-মই নিৰ্দ্দিষ্ট কোনো এক ধাৰাত আবদ্ধ হৈ থাকিব নিবিচাৰো। সংগীতৰ বৃহৎ পৰিধিত,সকলো ধৰণৰেই কলাত্নক কাম কৰাৰ প্ৰয়াস কৰি আছো।

প্ৰশ্নঃ-৮)অসমীয়া চলচ্চিত্ৰ উদ্যোগটিক প্ৰকৃতাৰ্থত এক উদ্যোগ ৰূপে গঢ় ল’বলৈ কি কি দিশৰ প্ৰয়োজন বুলি ভাবা?

অৰ্ঘদীপ:-প্ৰথমেই সকলোৱে একত্ৰ হৈ কাম কৰাৰ পৰিবেশ এটা গঢ়াৰ প্ৰয়োজন বুলি ভাবো। লগতেই আমাক এতিয়া অসমত আৰু যথেষ্ট সংখ্যক ছবিগৃহৰ দৰকাৰ। এইখিনিৰ বাবে চৰকাৰী সহযোগিতাৰ খুবেই প্ৰয়োজন আমাক,যাতে আমি চিনেমাক দৰ্শকৰ আৰু ওচৰ চপাই নিবলৈ সক্ষম হওঁ।

প্ৰশ্নঃ-৯)অসমীয়া চিনেমাৰ বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে কি ভাবা?

অৰ্ঘদীপ:-বৰ্তমান যথেষ্ট আশাব্যঞ্জকেই বুলিব লাগিব। লগতেই এতিয়া FTII কে আদি কৰি,দেশৰ বিভিন্ন আগশাৰীৰ চলচ্চিত্ৰ প্ৰতিষ্ঠানত পাঠ্যক্ৰম গ্ৰহণ কৰা বহুতো অসমীয়াই চিনেমা নিৰ্মাণত হাত দিছে। এইদৰে এক বিশেষ প্ৰসাৰো লাভ কৰিবলৈ পাৰিছে। চৰকাৰী সহযোগিতা ভালদৰে পালে,নিশ্চয়কৈ ই খুব এক আশাপ্ৰদ আৰু সফল ভৱিষ্যতৰ দিশেই আগুৱাব বুলি বিশ্বাস।

প্ৰশ্নঃ-১০)অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে,নিজৰ বাবে কি কৰি বিচাৰা?

অৰ্ঘদীপ:-আৰু বহুত শিকিবলৈ বাকী,শিকিব বিচাৰো। আৰু নতুনত্বৰে ভৰা কাম কৰিবলৈ বিচাৰো,যি কামৰ জড়িয়তে সমাজক,মানুহক কিবা এটা দিব পাৰো।

প্ৰশ্নঃ-১১)ভৱিষ্যত পৰিকল্পনা কি আৰু লগতেই বৰ্তমান কি কি কামত ব্যস্ত ?

অৰ্ঘদীপ:-শেহতীয়াকৈ হিমাদ্ৰী মহেশৰ এখন গুজৰাটী ভাষাৰ ছবি”ৰুজ”ত অভিনয় কৰিলো আৰু এখন উড়ীয়া ভাষাৰ তথ্যচিত্ৰত কাম কৰিলো। ৰুজত কাম কৰাৰ অভিজ্ঞতা স্মৰণীয়। লগতে আন দুখনমান তথ্যচিত্ৰ নিৰ্মাণৰ কামত লাগি আছো। আমাৰ বেণ্ড”ব’টল ৰকেটছ”ৰ সাংগিতীক কাম-কাজো সমান্তৰালকৈ চলি আছে।

অৰ্ঘদীপ বৰুৱালৈ ধন্যবাদৰ লগতেই অনাগত সময়ৰ যাত্ৰা সফল হ’বৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো।

লেখকৰ মেইলঃ- rimli.borkotoky1985@gmail.com

Related News