NORTHEAST NOW (Assamese)
অসম

টীয়কৰ উত্তৰ দুলীয়া গাঁৱত ক’ভিড ভেকচিন লৈ এগৰাকী বৃদ্ধাৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক December 3, 2021 11:42 am
Death after vaccine

যোৰহাট জিলাৰ  টীয়কৰ উত্তৰ দুলীয়া গাঁৱত যোৱা নিশা ক’ভিড ভেকচিন লৈ এগৰাকী বৃদ্ধাৰ মৃত্যু হোৱাৰ অভিযোগ পোৱা গৈছে।

অভিযোগ মতে, বৃহস্পতিবাৰে বিয়লী ভেকচিন লোৱাৰ প্ৰায় ৫ ঘণ্টাৰ পাছতে নিশা মৃত্যু হয় ৭০ বছৰীয়া বৃদ্ধা গৰাকীৰ।

লাৱণ্য দাস নামৰ বৃদ্ধা গৰাকীৰ মৃত্যু পূৰ্ৱে সম্পূৰ্ণ সুস্থ আছিল বুলি পৰিয়ালৰ লোকে জনাইছে।

Also Read: Covid-19 Update বিশ্বৰ ৩০খন দেশলৈ বিয়পিল অ’মিক্ৰন; ভাৰতত নিয়ন্ত্ৰণাধীন কৰ’নাৰ দৈনিক সংক্ৰমণ, মৃত্যু

পৰিয়ালৰ লোকে জনাইছে যে ভেকচিন লোৱাৰ প্ৰায় ৫ ঘণ্টাৰ পাছতে বুকুত বিষ অনুভৱ কৰে বৃদ্ধা গৰাকীয়ে। বৃদ্ধা গৰাকীক ততাতৈয়াকৈ টীয়কৰ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

পিছত মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে বৃদ্ধা গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পিছতহে গম পোৱা যাব l