Dead body Recovered ধূপধৰাৰ ওচৰত ৰে’ল লাইনত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
ফটো: নৰ্থইষ্ট নাও।
Dead body Recovered এইবাৰ গোৱালপাৰা জিলাৰ ধূপধৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।
কামাখ্যা-যোগীঘোপা ৰে’ল পথৰ ধূপধৰা ৰে’ল ষ্টেচনৰ ওচৰতে খেকাপাৰাত ৰেল লাইনত উদ্ধাৰ হৈছে এক অচিনাক্ত লোকৰ মৃতদেহ।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ধূপধৰা আৰক্ষীৰ দল।
নিশাৰ ভাগত কোনো ৰে’লৰ খুণ্ডাত লোকজন নিহত হোৱাৰ সন্দেহ স্থানীয় লোকৰ।
আনহাতে, লোকজনৰ পৰা উদ্ধাৰ কৰা হৈছে জয় ৰয়ৰ নামত থকা লাইচেন্স আৰু কেইবাখনো এছ বি আইৰ এটিএম কাৰ্ড। নথি অনুসৰি লোকজন মেঘালয়ৰ হ’ব পাৰে বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷