NORTHEAST NOW (Assamese)
অসম

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 24, 2021 8:09 am
WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰি দেশলৈ উভতি অহাৰ তিনিদিনৰ ভিতৰতে টীম ইণ্ডিয়াৰ ছয়গৰাকী তৰুণ প্ৰতিভাক বিশেষ উপহাৰেৰে সম্ভাষণ জনালে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই।

কেংগাৰু দলৰ বিৰুদ্ধে টেষ্ট ছিৰিজত অভিষেক ঘটা পাঁচগৰাকী ক্ৰিকেটাৰৰ লগতে শাৰ্দুল ঠাকুৰকো মহিন্দ্ৰাই দিলে THAR-SUVউপহাৰ।

অষ্ট্ৰেলিয়া ভ্ৰমণতে টেষ্ট অবিষেক ঘটিছিল শুভমন গীল, মহম্মদ ছিৰাজ, নৱদীপ ছাইনী, টি নটৰাজন আৰু ৱাশ্বিংটন সুন্দৰৰ।

আনহাতে, ২০১৮চনত এখন টেষ্ট খেলাৰ পাছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্ৰীছবেন টেষ্টত পুনৰ সুযোগ লাভ কৰে শাৰ্দুল ঠাকুৰে।

টীম ইণ্ডিয়াৰ এই ছয়গৰাকী তৰুণ যোদ্ধাৰ বাবেই ভাৰতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী বিজয় সম্ভৱ হৈ পৰে।

মহিন্দ্ৰাই কৈছে,’’ছয়গৰাকী তৰুণ ক্ৰিকেটাৰে অষ্ট্ৰেলিয়া ভ্ৰমণৰ ঐতিহাসিক ছিৰিজত আত্মপ্ৰকাশ কৰে (শাৰ্দুলে পূৰ্বে এখন টেষ্টত অংশ লৈছিল)।   তেওঁলোকে ভাৰতৰ ভৱিষ্যৎ নৱ প্ৰজন্মক সপোন দেখাৰ তথা অসম্ভৱক সম্ভৱ কৰি তোলাৰ পথ দেখুৱাইছে।‘’

মহিন্দ্ৰাই জানিবলৈ দিয়ে যে এই উপহাৰৰ ব্যয় তেওঁ নিজৰ ব্যক্তিগত একাউন্টৰ পৰা বহন কৰিব। উপহাৰৰ মূল্য তেওঁৰ কোম্পানীৰ নামত ধৰা নহয়।