NORTHEAST NOW (Assamese)
অসম

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 24, 2021 7:27 am
WhatsApp Image 2021-01-24 at 6.59.34 AM

জনবসতি অঞ্চলত সোমাই অহা এটা পূৰ্ণবয়স্ক দঁতাল হাতীৰ কাণত জুঁই লগাই দিয়াৰ পাছত হাতীটোৰ মৃত্যু হয়। তামিলনাডুৰ নীলগিৰিত সংঘটিত হোৱা এই নৃংশস ঘটনাক সকলোৱে একেমুখে নিন্দা কৰিছে। ঘটনাৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে।

নৃশংস এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত দেখা গৈছে হাতীটোক লক্ষ্য কৰি জলন্ত কাপোৰ মেৰিয়াই এডাল কাঠ লগাই দিয়া হৈছে।

মূৰত তেতিয়াও জুঁই জ্বলি আছে আৰু যন্ত্ৰণাত চিৎকাৰ কৰি হাতীটোৱে দৌৰিছে। বাতৰি অনুসৰি, যোৱা ১৯ জানুৱাৰিত হাতীটোৰ মৃত্যু হয়।

যোৱা নৱেম্বৰ মাহৰ পৰাই বন বিভাগে ৪০ বছৰীয়া হাতীটোক অনুসৰণ কৰি আছিল। হাতীটোৰ পিঠিত আঘাত লাগিছিল আৰু হাতীটোৱে জনবসতি অঞ্চলত বিচৰণ কৰি ফুৰিছিল।

বনাঞ্চললৈ ঘুৰি নোযোৱা হাতীটোক ডিচেম্বৰত চেতনানাশক প্ৰয়োগ কৰা হৈছিল। তাৰপাছত হাতীটো দুৰ্বল হৈ পৰিছিল আৰু তাৰ চলাচলৰ গতি মন্থৰ হৈ পৰিছিল।

ইয়াৰ মাজতে জানুৱাৰিৰ প্ৰথম সপ্তাহত হাতীটোৰ কাণত গুৰুতৰ আঘাতৰ চিন লক্ষ্য কৰে বন বিষয়াসকলে। ১৯ জানুৱাৰিত চেতনানাশক প্ৰয়োগ কৰি হাতীটোক বশ কৰা হয় আৰু চিকিৎসাৰ বাবে কেম্পলৈ লৈ যোৱাৰ সময়তে হাতীটোৰ মৃত্যু হয়।

বন বিভাগে হাতীটোৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰিছে।

বন্যপ্ৰাণী (সংৰক্ষণ) আইন,১৯৭২ৰ অধীনত প্ৰসাদ আৰু ৰেমণ্ড নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। লোক দুজনে যিখন ৰিছ’ৰ্ট চলাই আছিল সেইখনো বন বিভাগে বন্ধ কৰি দিছে।

বিষয়টোক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সকলোৱে অপৰাধীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী কৰিছে।