NORTHEAST NOW (Assamese)

কিমাশ্চৰ্যম! নিৰাপত্তা বেষ্টনী ফালি অনন্ত আম্বানীৰ বিয়াত সোমাল ‘অনিমন্ত্ৰিত অতিথি’,আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ

July 15, 2024 7:18 am · এন ই নাও নিউজ, গুৱাহাটী

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত নিমন্ত্ৰণ অবিহনে প্ৰৱেশ কৰা দুজন ব্যক্তিৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। অনুমতি অবিহনে প্ৰৱেশ কৰা এজন হৈছে ভেংকটেশ নৰসাইয়া আল্লুৰী (২৬) যিজন পেচাত এজন ইউটিউবাৰ আৰু আনজন হৈছে লুকমান মহম্মদ শ্বাফী শ্বেখ (২৮), তেওঁ পেছাত ব্যৱসায়ী। দুয়োজনেই অন্ধ্ৰ প্ৰদেশৰ পৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল।

মুম্বাই আৰক্ষীয়ে জনোৱা মতে, আৰক্ষীয়ে অভিযুক্তক জাননী দি দুয়োটা গোচৰতে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত মুকলি কৰি দিয়ে৷

উল্লেখ্য যে, অৱশেষত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ সম্পন্ন হয়। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ আৰু উদ্যোগপতি বীৰেণ মাৰ্চেণ্টৰ কন্যাই বৰমাল্য বিনিময় কৰে।

ভিডিঅ’ আৰু ছবিত দম্পতীহালক বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ মাজত ঘেৰি থকা দেখা গৈছে। ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙে বিয়াৰ একচেটিয়া ছবি শ্বেয়াৰ কৰে, য’ত অনন্ত আৰু ৰাধিকাই নিজৰ যজ্ঞ প্ৰদক্ষিণৰ দিশে আগবাঢ়িছে।

 

Related News