NORTHEAST NOW (Assamese)

মাস্ক পৰিধান কৰিবলৈ কোৱাত খং ধনকুবেৰৰ; বেংক কৰ্মচাৰীৰে গণালে নগদ ৫.৮ কোটি টকা

October 24, 2021 12:59 pm · এন ই নাও নিউজ, গুৱাহাটী

কৰ’না প্ৰতিৰোধৰ বাবে মাস্ক পৰিধান কৰাটো অতি জৰুৰী বুলি বিবেচিত হৈ আহিছে। বহু দেশত কৰ’নাৰ পৰা প্ৰায় মুক্ত হোৱাৰ পাছতো মাস্ক পৰিধানৰ নিয়ম বাহাল ৰাখিছে। নিয়ম ভংগৰ বাবে শাস্তিৰো ব্যৱস্থা জাৰি আছে।

কিন্তু চীনৰ এজন ধনকুবেৰক মাস্ক পৰিধান কৰিবলৈ কোৱাৰ বাবে খঙৰ ভমকত ঘটালে এক অদ্ভুত কাণ্ড।

ধনাঢ্য সেই লোকজনে নিজৰ একাউন্টৰ পৰা নগদ ৫.৮কোটি টকা উলিয়ালে আৰু বেংকৰ সেই বিষয়াগৰাকীৰ হতুৱাই সেই সম্পূৰ্ণ টকা গণাই ল’লে।

বাতৰি অনুসৰি, ‘শ্বান’ৱাৰ নামৰ লোকজনে চাংহাইত বেংকলৈ গৈছিল য’ত বেংকৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক মাস্ক পৰিধান কৰিবলৈ কয়।

ইয়াতেই লোকজন অপমানিত বোধ কৰি বেংকটোৰ পৰা তেওঁৰ সমস্ত ধন উলিয়াই নি আন বেংকত থোৱাৰ সিদ্ধান্ত লয়।

তাৰপাছতেই প্ৰথম দিনা চীনৰ ধনকুবেৰজনে নিজৰ একাউন্টৰ পৰা ৫.৮কোটি টকা উলিয়াই বেংক কৰ্মচাৰীক সেই টকা গণি দিবলৈ কয়। এইদৰে তেওঁ একাউন্টটোৰ পৰা সমস্ত টকা উলিয়াই নিব বুলিও জানিব দিয়ে।

দৰাচলতে সেই বেংকত এইদৰে দৈনিক নগদ ধন উলিয়াব পৰা নিয়ম আছে। ধনকুবেৰে সেই নিয়ম ব্যৱহাৰ কৰিয়েই বেংক কৰ্মচাৰীসকলক ‘শিক্ষা’ দিয়াৰ বাবে এই কাম কৰে।

ইপিনে, বেংকৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে তেওঁলোকৰ বেংকৰ কোনো কৰ্মচাৰীয়ে এনে কাম কৰা নাই। গ্ৰাহকৰ সৈতে কোনো দুৰ্ব্যৱহাৰ কৰা হোৱা নাই।

আনহাতে, এই ঘটনাত বহুতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বহুতেই ধনকুবেৰক সমালোচনা কৰাৰ লগতে আন একাংশই এই ঘটনাক লৈ কৌতুকো কৰিছে। 

Related News