NORTHEAST NOW (Assamese)
অসম

জন্মদিন উদযাপনৰ আকাঙ্খাই হ’ল কাল! মেক্সিকোত মৃত্যু ভাৰতীয় ট্ৰেভেল ব্লগাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2021 12:39 pm
Indian travel blogger 2 killed in Mexico shootout

বাৰ্থ দে’ উদযাপন কৰিবলৈ গৈ মেক্সিকোত মৃত্যু হৈছে এগৰাকী ভাৰতীয় মূলৰ ট্ৰেভেল ব্ল’গাৰৰ।

২৯ বছৰীয়া অঞ্জলি ৰায়ত নামৰ ব্ল’গাৰ গৰাকীৰ মেক্সিকোৰ দুই ড্ৰাগছ গেঙৰ গুলীয়াগুলিত নিহত হৈছে।

প্ৰকাশিত বাতৰি অনুসৰি অঞ্জলি ৰায়তে নিজৰ স্বামী উৎকৰ্ষ শ্ৰীবাস্তৱৰ সৈতে তেওঁৰ ৩০ বছৰীয়া জন্ম দিন উদযাপনৰ বাবে মেক্সিকোলৈ গৈছিল।

যোৱা বুধবাৰে মেক্সিকোৰ টুলুমৰ ক্যাৰিবীন ক’ষ্ট ৰিজ’ৰ্টত দুই ড্ৰাগছ গেঙৰ মাজত হোৱা মুখামুখি গুলীয়াগুলিত অঞ্জলিসহ আন এগৰাকী জাৰ্মান পৰ্যটকৰো মৃত্যু হৈছে।

LinkedInত অভিযন্তা হিচাপে কৰ্মৰত বৰ্তমানৰ আমেৰিকাৰ নিৱাসী অঞ্জলি ৰায়ৰ ঘৰ আছিল হিমাচল প্ৰদেশত।

Jaypee University of Information Technology (JUIT)ৰ পৰা বি টেকৰ ডিগ্ৰী গ্ৰহণ কৰি ২০১১ চনত অঞ্জলিয়ে কৰ্মসূত্ৰে আমেৰিকালৈ গৈছিল।

Yahooত কৰ্ম জীৱন পাতনি মেলা অঞ্জলিয়ে কেলিফ’নিয়াত বাস কৰিছিল আৰু ইয়াৰ সমান্তৰালভাৱে ট্ৰেভেল ব্ল’গাৰ হিচাপে জনপ্ৰিয় হৈ উঠিছিল।

কিন্তু জীৱনৰ ৩০ বছৰীয়া জন্মদিনটো উদযাপনৰ বাবে মেক্সিকোলৈ যোৱাই কাল হ’ল এই ২৯ বছৰীয়া ভাৰতীয় ব্ল’গাৰগৰাকীৰ।