NORTHEAST NOW (Assamese)

সংকট বাঢ়িল অনিল আম্বানিৰ; চীনৰ তিনিটা বেংকে কাষ চাপিছে আদালতৰ

November 10, 2019 11:22 am · এন ই নাও নিউজ

চীনৰ তিনিটা বৃহৎ বেংকে ৰিলায়েন্স গ্ৰুপৰ মালিক অনিল আম্বানিৰ বিৰুদ্ধে লণ্ডন আদালতত ৬৮০ মিলিয়ন ডলাৰ (প্ৰায় ৪৭,৬০০ কোটি) আদায় নিদিয়াৰ গোচৰ তৰিছে।

চীনৰ এই তিনিটা বেংক হৈছে ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্ছিয়েল বেংক অৱ চাইনা লিমিটেড, চাইনা ডেভেলপমেন্ট বেংক আৰু এক্সপোৰ্ট-ইমপ’ৰ্ট বেংক অৱ চাইনা।

বেংককেইটাৰ অভিযোগ যে অনিল আম্বানিৰ ব্যক্তিগত চৰ্তত ৰিলায়েন্স কমিউনিকেশ্যনক ২০১২চনত ৯২.৫২ কোটি ডলাৰ (প্ৰায় ৬৫হাজাৰ কোটি টকা) ঋণ দিছিল।

তেতিয়া অনিল আম্বানিয়ে এই ঋণৰ ব্যক্তিগত গ্যাৰেন্টি লোৱাৰ কথা কৈছিল যদিও ২০১৭’ৰ ফেব্ৰুৱাৰিৰ পাছত কোম্পানীটোৱে ঋণ আদায় দিয়াৰ ব্যৰ্থ হয়।

ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি এই গোচৰ সন্দৰ্ভত অনিল আম্বানিয়ে কয় যে তেওঁ ব্যক্তিগত কমফ’ৰ্ট লেটাৰ দিয়াৰ কথাহে কৈছিল। কিন্তু ব্যক্তিগত সম্পত্তিক গ্যাৰেন্টি হিচাপে ৰখাৰ কথা কেতিয়াও কোৱা নাছিল।

অনিল আম্বানিৰ অধিবক্তা ৰবাৰ্ট হাবে কয়,’’বেংকে ধাৰাবাহিকভাৱে অনিল আম্বানি আৰু তেওঁৰ কোম্পানী ৰিলায়েন্স কমিউনিকেশ্যনৰ মাজত পাৰ্থক্য নৰখাৰ ভুল কৰি আহিছে।‘’

প্ৰথমবাৰৰ বাবে এইয়া অনিল আম্বানি আৰু তেওঁৰ কোম্পানীৰ বিৰুদ্ধে আদালতত গোচৰ দাখিল কৰা ঘটনা নহয়।

ইয়াৰ পূৰ্বে এৰিকশ্যন বিবাদ গোচৰতো অনিল আম্বানিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ চলিছিল। এই গোচৰত উচ্চতম ন্যায়ালয়ে এৰিকশ্যনক ৫৫০ কোটি টকা আদায় দিয়াৰ নিৰ্দেশ দিছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত অনিল আম্বানিৰ ঋণ পৰিশোধ কৰাত ডাঙৰ ভাতৃ মুকেশ আম্বানিয়ে সহায় কৰিছিল।

ইয়াৰ আগেয়ে এবাৰ ভাৰতীয় বীমা নিয়ামক তথা বিকাশ প্ৰাধিকৰণে (ইৰডা) অনিল আম্বানিৰ কোম্পানী ৰিলায়েন্স হেল্থক ইনস্যুৰেঞ্চৰ নতুন বীমা পলিচি বিক্ৰী কৰা বন্ধ কৰি দিছিল।

ইৰডাই কোম্পানীৰ দেউলীয়া বিত্তীয় স্থিতিৰ কথা লক্ষ্য কৰি এই পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ লগতে প্ৰাধিকৰণে ৰিলায়েন্স হেল্থ ইনস্যুৰেঞ্চক তেওঁলোকৰ সকলো বিত্তীয় সম্পত্তিসহ চলি থকা বীমাৰ লেনদেনসমূহ ৰিলায়েন্স জেনেৰেল ইনস্যুৰেঞ্চক ট্ৰেন্সফাৰ কৰিবলৈ নিৰ্দেশ দিছিল।

ইৰডাৰ নিৰ্দেশৰ পাছত ৰিলায়েন্স হেল্থ ইনস্যুৰেঞ্চে ১৫ নৱেম্বৰৰ পৰা বীমা বিক্ৰী কৰা বন্ধ কৰি দিব।

উল্লেখ্য যে অনিল আম্বানি আৰু তেওঁৰ কোম্পানী ৰিলায়েন্স গ্ৰুপ বিগত কিছু সময়ৰ পৰা বেয়া দিনৰ মাজেৰে চলি আছে।

বাতৰি অনুসৰি, যোৱা ছেপ্টেম্বৰলৈকে ৰিলায়েন্স গ্ৰুপ প্ৰায় ৯৩ হাজাৰ কোটি টকাৰ ঋণত ডুবি আছে।

Related News