NORTHEAST NOW (Assamese)

দৰা হ’ব কোন! লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিব ‘আইপিএলৰ ৰাণী’ কাব্য মৰাণ?

June 15, 2025 12:10 pm · এন ই নাও নিউজ, গুৱাহাটী

অনিৰুদ্ধ ৰবিচন্দ্ৰন আৰু কাব্য মৰাণৰ বিবাহৰ চৰ্চাই ক্ৰিকেট আৰু মনোৰঞ্জন জগতখনত নতুন জোৱাৰ তুলিছে। দক্ষিণ ভাৰতৰ জনপ্ৰিয় সংগীত পৰিচালক অনিৰুদ্ধ ৰবিচন্দ্ৰনৰ সৈতে ছান গ্ৰুপৰ অধ্যক্ষ কলানিথি মৰাণৰ কন্যা কাব্য মৰাণৰ সম্পৰ্ক গঢ়ি উঠাৰ বাতৰি ওলাইছে।

এবছৰৰো অধিক সময় ধৰি দুয়ো প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি এতিয়া বিয়াৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে। ৰেডিটত তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ভাইৰেল পোষ্টৰ পিছত জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে।

কাব্য মৰাণৰ সৈতে অনিৰুদ্ধ ৰবিচন্দ্ৰনৰ সম্পৰ্কক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ৰেডিট ব্যৱহাৰকাৰীৰ মতে, অনিৰুদ্ধ আৰু কাব্যক একাধিকবাৰ একেলগে দেখা গৈছে। যাৰ ভিতৰত আছে শেহতীয়া এক ডিনাৰ আউটিং।

এজন ৰেডিট ব্যৱহাৰকাৰীয়ে কয় যে তেওঁলোকক বিলাসী হোটেলত বিভিন্ন অনুষ্ঠানত একেলগে দেখা গৈছে। আন এজনে উল্লেখ কৰিছে যে যোৱা বছৰ লাছ ভেগাছ ষ্ট্ৰিপত এই যুটিটোৱে কিছু ব্যক্তিগত সময় উপভোগ কৰা দেখা গৈছিল।

আন এজন অনুৰাগীয়ে এটা পুৰণি সাক্ষাৎকাৰো মনত পেলাইছে য’ত এজন টেৰ’ট ৰীডাৰে ভৱিষ্যদ্বাণী কৰিছিল যে অনিৰুদ্ধই উচ্চ শিক্ষিত, টেলিকম বা সম্প্ৰচাৰৰ লগত জড়িত কোনোবা এগৰাকীক বিয়া কৰাব। এনে এটা বৰ্ণনা যাক এতিয়া বহুতে কাব্য মৰাণৰ সৈতে জড়িত কৰিছে।

কাব্য মৰাণৰ দৰে অনিৰুদ্ধইও নিজৰ পৃথিৱীত যথেষ্ট সফলতা আৰু খ্যাতি অৰ্জন কৰিছে। কলা আৰু চলচ্চিত্ৰ জগতৰ গভীৰ শিপা থকা পৰিয়াল এটাৰ পৰা আহিছে অনিৰুদ্ধ। তেওঁ অভিনেতা ৰবি ৰাঘবেন্দ্ৰ আৰু শাস্ত্ৰীয় নৃত্যশিল্পী লক্ষ্মীৰ পুত্ৰ। তেওঁৰ মাহীয়েক লতাৰ বিবাহ হৈছে ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে।

অনিৰুদ্ধৰ আজো ককাক কে সুব্ৰহ্মণ্যম ১৯৩০ চনত এজন অগ্ৰণী চলচ্চিত্ৰ নিৰ্মাতা আছিল। পেছাগতভাৱে অনিৰুদ্ধই দক্ষিণ ভাৰতৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় তাৰকাৰ সংগীত ৰচনা কৰাৰ লগতে শ্বাহৰুখ খান অভিনীত জৱানত  বলীউড অভিষেক ঘটায়।

অনিৰুদ্ধ ৰবিচন্দৰৰ দাবী যে কাব্য মৰাণৰ সৈতে তেওঁৰ বিবাহ সন্দৰ্ভত যি জল্পনা-কল্পনা চলি আছে সেয়া কেৱল উৰাবাতৰিহে। এটা ছ’চিয়েল মিডিয়া পোষ্টত অনিৰুদ্ধ ৰবিচন্দৰে দাবী কৰিছে যে কাব্য মৰাণৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু বিবাহ সন্দৰ্ভত চলি থকা আলোচনা কেৱল উৰাবাতৰি।

Related News