NORTHEAST NOW (Assamese)

স্বৰ্ণ জয়ৰ আশাৰে আজি বক্সিং ৰিঙত নামিব অংকুশিতা বড়ো; এতিয়ালৈকে ৩২ টা পদক অৰ্জন অসমৰ

January 19, 2020 9:14 am · এন ই নাও নিউজ
অংকুশিতা বড়োৰ ফাইল ফটো

গুৱাহাটীত অনুষ্ঠিত হৈ থকা তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে আয়োজক ৰাজ্য অসমে। ইয়াৰ মাজতে দেওবাৰে অৰ্থাৎ আজি ছেমি ফাইনেলৰ বাবে বক্সিং ৰিঙত নামিব অসমৰ প্ৰতিভাৱান মহিলা বক্সিং খেলুৱৈ অংকুশিতা বড়ো।

আজি তৃতীয় খেলো ইণ্ডিয়া যুথ গেমছত স্বৰ্ণ আৰু ৰূপৰ পদকৰ বাবে বক্সিং ৰিঙত নামিব বক্সাৰ সকল। ইফালে অংকুশিতাই  স্বৰ্ণ পদক লাভ কৰিব বুলি দৃঢ় বিশ্বাসী অসমৰ মুখ্য বক্সিং প্ৰশিক্ষক অমৰ ডেকা।

বৰ্তমানলৈকে শুকুৰবাৰ পৰ্যন্ত অসমৰ ৩৪ গৰাকী পুৰুষ-মহিলা বক্সাৰৰ ভিতৰত ১৫ গৰাকী বক্সাৰে ছেমি ফাইনেলৰ বাবে যোগ্যতা অর্জন কৰিছে।

উল্লেখযোগ্য যে ১০ জানুৱাৰিৰ পৰা আৰম্ভ হোৱা তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত বৰ্তমানলৈকে মুঠ ৩২ টা পদক অৰ্জন কৰি দশম স্থানত আছে অসম।

অসমে মুঠ ৯ টা সোণৰ পদক, ১০ টা ৰূপৰ পদক আৰু ১৩ টা ব্ৰঞ্জৰ পদক বৰ্তমানলৈকে অৰ্জন কৰিবলৈ সক্ষম হৈছে।

Related News