NORTHEAST NOW (Assamese)

পঢ়াত মানসিক চাপ! কোটাত পুনৰ উদ্ধাৰ NEET প্ৰত্যাশী ছাত্ৰৰ মৃতদেহ

August 3, 2023 5:52 pm · এন ই নাও নিউজ, নতুন দিল্লী
প্রতিনিধিত্বমূলক ফটো।

পুনৰ আন এজন ছাত্ৰই চিকিৎসা বিজ্ঞান পঢ়াৰ সপোন লৈয়েই মৃত্যুক আকোঁৱালি ল’লে ৰাজস্থানৰ কোটাত। NEET প্ৰস্তুতিৰ অস্বাভাৱিক চাপৰ বাবেই শিক্ষাৰ্থীসকলে ইটোৰ পিছত সিটোকৈ এনেদৰে চৰম পদক্ষেপ লৈছে নেকি? অভিভাৱকসকলৰ বাবে এই প্ৰশ্নই মনত ক্ৰিয়া কৰিছে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে কোটাৰ এটা হোষ্টেলৰ পৰা এজন ছাত্ৰৰ ওলমি থকা মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত ছাত্ৰজনৰ নাম মঞ্জত ছাব্ৰা। তেওঁ উত্তৰ প্ৰদেশৰ ৰামপুৰৰ বাসিন্দা।

লগতে পঢ়ক: স্বামী কুকি, পত্নী মেইটি; উত্তপ্ত মণিপুৰত দম্পতীয়ে অনাথ শিশুক দিছে প্ৰেম-ভালপোৱাৰ পাঠ

চলিত বছৰৰ আৰম্ভণিতে NEET ৰ বাবে প্ৰস্তুতি চলাবলৈ এই ছাত্ৰগৰাকী কোটালৈ আহিছিল। তেওঁৰ কোঠাৰ পৰা কোনো পত্ৰ বা টোকা পোৱা হোৱা নাই। কিন্তু প্ৰশিক্ষণৰ চাপতে ছাত্ৰজনে এই চৰম সিদ্ধান্ত লোৱা বুলি ধাৰণা কৰা হৈছে।

প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসক আৰু ইঞ্জিনিয়াৰিঙৰ বাবে প্ৰস্তুতি চলাবলৈ কোটালৈ আহে। আৰক্ষীৰ তথ্য অনুসৰি যোৱা বছৰ কোটাত ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মঘাতী হোৱাৰ খবৰ পোৱা গৈছিল।

চলিত বৰ্ষত এতিয়ালৈকে ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এনেদৰে মৃত্যুক আকোঁৱালি লৈছে। দুসপ্তাহ আগতে এজন ছাত্ৰই এনেদেৰ চৰম পদক্ষেপ লৈছিল।

লগতে পঢ়ক: মাতৃ হৈ ভাল পায়, সেয়ে গৰ্ভ ভাড়াত দিয়াটো এতিয়া ‘নিচা’ হৈ পৰিছে এই যুৱতীৰ

কোটাত সম্ভাৱনাপূৰ্ণ ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মঘাতীৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে অভিভাৱকসকল চিন্তিত হৈ পৰিছে।

Related News