NORTHEAST NOW (Assamese)

বন বিভাগ চিৰিয়াছ নহয় বন্যপ্ৰাণীক লৈ; শদিয়াত খাদ্য সংকটত পুনৰ এটা হাতী পোৱালীৰ কৰুণ মৃত্যু

July 18, 2019 6:48 pm · মানস প্ৰতিম গগৈ
Updated: July 18, 2019 6:53 pm
শদিয়াত মৃত্যু হোৱা হাতী পোৱালীটো

ৰাজ্যত ভয়াবহ বানপানীৰ প্ৰকোপত বনৰীয়া জীৱ-জন্তুৰ মৃত্যু অব্যাহত আছে। তিনিচুকীয়া জিলাৰ শদিয়াৰ দেউপানী চাপৰিত খাদ্য সংকটত ভুগী এটা মখনা হাতী পোৱালীৰ মৃত্যু হয়। এয়া এসপ্তাহৰ ভিতৰত দ্বিতীয়টো হাতী পোৱালীৰ মৃত্যু।

বানপানীৰ বাবে খাদ্য সংকটত ভোগা হাতী পোৱালীটো বহু দিন ধৰি অসুস্থ হৈ আছিল আৰু অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে ৬ বছৰীয়া হাতী পোৱালীটোৱে।

আনহাতে, বন বিভাগ জনোৱা অনুসৰি হাতীটো দীৰ্ঘদিনৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ আছিল আৰু তিনি-চাৰি দিনমান আগতে হাতী পোৱালীটোৰ মৃত্যু ঘটিছিল। আজি ৰাতিপুৱা স্থানীয় লোকে গৰু বিচাৰিবলৈ যোৱাৰ সময়তে মৃত হাতী পোৱালীটো প্ৰত্যক্ষ কৰে আৰু বন বিভাগক খবৰ দিয়ে।

লগতে পঢ়ক : শদিয়াত বানপানীত খাদ্যৰ অভাৱত ভুগি বনৰীয়া হাতীৰ মৃত্যু

স্থানীয় লোকৰ খবৰৰ ভিত্তিত বন বিভাগ উক্তস্থানত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহযোগত জে চি বিৰে হাতীটো পুতি থয়।

উল্লেখযোগ্য যে, তিনিদিনমান পূৰ্বেও জিলাখনৰ দেউপানী চাপৰিত এটা ১০ বছৰীয়া মখনা বন্য হস্তীৰ খাদ্যৰ অভাৱত মৃত্যু ঘটিছিল।চলিত বানপানীত ৰাজ্যত ১৭ জুলাই পৰ্য্যন্ত ৫ টা গঁড়সহ মুঠ ৩৯ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছিল।

চৰকাৰ-প্ৰশাসনৰ তৰফৰ পৰা বনৰীয়া জীৱ-জন্তু সমূহে যাতে খাদ্য সংকতত পৰিবলগীয়া নহয় তাৰবাবে বাৰম্বাৰ অনুৰোধ কৰি থকাৰ পাছতো খাদ্যৰ অভাৱৰ বাবে দুটাকৈ হাতী এনদৰে মৃত্যু মুখত পৰা কথাটোৱে বন বিভাগৰ গাফিলতিকে প্ৰমাণ কৰিছে।

Related News