NORTHEAST NOW (Assamese)
দেশ

পুনৰ জানসাধাৰণৰ ওপৰত মাধমাৰ! কেন্দ্ৰই ৫০ টকা বৃদ্ধি কৰিলে ৰন্ধন গেছৰ মূল্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 7, 2025 5:14 pm

পেট্ৰ’ল-ডিজেলৰ পিছতে ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোণা কৰিছে কেন্দ্ৰ চৰকাৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সোমবাৰে ঘোষণা কৰে যে ৰাজসাহায্যযুক্ত আৰু অৰাজসাহায্যপ্ৰাপ্ত উভয় গ্ৰাহকৰ বাবে এল পি জি চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ (পিএমইউৱাই) হিতাধিকাৰীসকলৰ বাবেও প্ৰযোজ্য হ’ব বৰ্ধিত মূল্য ।

জানিব পৰা মতে ৮ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এল পি জি চিলিণ্ডাৰৰ সংশোধিত মূল্য। এতিয়া ‘পিএমইউৱাই হিতাধিকাৰীৰ বাবে প্ৰতি চিলিণ্ডাৰৰ মূল্য ৫০০ টকাৰ পৰা ৫৫০ টকালৈ বৃদ্ধি পাব। অন্য গ্ৰাহকৰ বাবে ৮০৩ টকাৰ পৰা ৮৫৩ টকালৈ বৃদ্ধি পাব বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী গৰাকীয়ে সদৰী কৰিছে।

তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে গ্ৰাহকক বোজা দিবৰ বাবে শেহতীয়াকৈ পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধি কৰা হোৱা নাই। বৰঞ্চ ৰাজসাহায্যযুক্ত গেছৰ মূল্যৰ বাবে তেল বিপণন কোম্পানীসমূহৰ ৪৩ হাজাৰ কোটি টকাৰ লোকচান ক্ষতিপূৰণ কৰাত সহায় কৰাটোৱেই ইয়াৰ উদ্দেশ্য বুলি উল্লেখ কৰে। বাস্তৱত চৰকাৰখনে খাতি খোৱা জনতাৰ ওপৰতে জাপিদিছে অতিৰিক্ত ব্যয়। চৰকাৰৰ এনে কাৰ্যকলাপে স্পষ্ট কৰি দিছে যে দেশৰ অৰ্থনৈতিক অৱস্থাৰ কথা, সাধাৰণ জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা।