NORTHEAST NOW (Assamese)

ক’ভিডত অসমৰ আৰু এজন চিকিৎসকৰ মৃত্যু

July 15, 2020 6:45 pm · এন ই নাও নিউজ
Updated: July 15, 2020 6:47 pm
প্ৰতিনিধিত্বমূলক ছবি

অসমৰ আৰু এজন চিকিৎসকে ক’ভিড-১৯ত বুধবাৰে প্ৰাণ হেৰুৱাইছে।

সূত্ৰমতে তিনিচুকীয়াৰ জ্যেষ্ঠ চিকিৎসক ডঃ পি কে শৰ্মাৰ ক’ভিড-১৯ত মৃত্যু হৈছে।

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হৈছে।

ক’ভিডত মৃত্যু হোৱা অসমৰ প্ৰথম চিকিৎসকজন আছিল ডাঃ জাহান ইকবাল আহমেদ। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অক্ষিৰোগ বিভাগৰ সহযোগী অধ্যাপক আছিল।

সূত্ৰমতে, তিনিচুকীয়াৰ জনপ্ৰিয় চিকিৎসক ডাঃ শৰ্মাক জটিল অৱস্থাত মঙলবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

“তেওঁ তিনিচুকীয়াৰ এজন ভাল চিকিৎসক আছিল আৰু ৰোগীসকলৰ মাজত খুব জনপ্ৰিয় আছিল। সোমবাৰলৈকে তেওঁৰ তিনিচুকীয়াৰ ক্লিনিকত তেওঁ ৰোগীসকলক সেৱা আগবঢ়াই আছিল,” তিনিচুকীয়াৰ এজন লোকে নৰ্থইষ্ট নাওক ফোনত জনায়।

ডাঃ শৰ্মাক লৈ ক’ভিডত এ এম চি এইচত এতিয়ালৈকে দুজন ৰোগীৰ মৃত্যু হৈছে।

এ এম চি এইচত মৃত্যু হোৱা প্ৰথমজন ক’ভিড ৰোগী আছিল চৰাইদেউ জিলাৰ ভবেন গগৈ (৭২)।

ডিব্ৰুগড়ত বুধবাৰে ৬৬টা ক’ভিড পজিটিভ কেছ পোৱা গৈছে।

এতিয়ালৈকে জিলাখনত মুঠ ৪৭৯গৰাকী ক’ভিড ৰোগী চিনাক্ত হৈছে।

Related News