NORTHEAST NOW (Assamese)

নগাঁৱত পুনৰ আৰক্ষীৰ গুলীত আহত এজন “ড্ৰাগছ বেপাৰী”

April 22, 2023 12:01 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

নগাঁও জিলাৰ কলিয়াবৰত আৰক্ষীৰ গুলীত আহত হৈছে এজন সন্দেহযুক্ত ড্ৰাগছ বেপাৰী।

সূত্ৰ অনুসৰি, শুকুৰবাৰে নিশা ছাদ্দাম হুছেইন নামৰ অভিযুক্তজনক ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল। বিশেষ তথ্য লাভ কৰাৰ পিছত তেওঁক ছামগুৰি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক: লক্ষ্য গুজৰাটৰ আম্বানিৰ চিৰিয়াখানা! হাতী কঢ়িয়াই অনা ৪৯খন ট্ৰাকক লৈ তিনিচুকীয়াত উত্তেজনা

নিশা তেওঁক কলিয়াবৰৰ মিছা অঞ্চললৈ লৈ যোৱা হয় য’ত গোপন স্থানত ড্ৰাগছ লুকুৱাই থোৱা আছে বুলি তেওঁ আৰক্ষীক জনাইছিল।

পিছত পুৱা প্ৰায় ১ বজাত আৰক্ষীয়ে দাবী কৰে যে অভিযুক্তই জিম্মাত থকাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁক ৰখাবলৈ তেওঁলোকে “নিয়ন্ত্ৰিত গুলীচালনা”ৰ সিদ্ধান্ত ল’বলগীয়া হয়।

লগতে পঢ়ক: পুলৱামাৰ ঘটনাকলৈ খুলিছিল মুখ; বীমা গোচৰত সত্যপাল মালিকক চমন CBIৰ

ভৰিত গুলী লগা অভিযুক্তক আৰক্ষীয়ে পুনৰ আটক কৰে। অৱশ্যে আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তই কেনেদৰে পলায়ন কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বৰ্তমান তেওঁ চিকিৎসা পৰ্যবেক্ষণত আছে।

Related News