NORTHEAST NOW (Assamese)

ত্ৰিপুৰাৰ কেন্দ্ৰীয় কাৰাগাৰত পুনৰ এগৰাকী লোকৰ শৰীৰত কোভিড-১৯

June 30, 2020 4:15 pm · তন্ময় চক্ৰৱৰ্তী

ত্ৰিপুৰাৰ কাৰাগাৰত আৰু এগৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

জুন মাহৰ প্ৰথমভাগত ত্ৰিপুৰাৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা চাৰি গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

জুনৰ প্ৰথমভাগত চাৰিগৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত সোমবাৰে নিশা এগৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

যোৱা নিশা ক’ৰ’না পজিটিভ হোৱা লোক গৰাকীক ২৪ জুনত চুৰিৰ অভিযোগত কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অহা হৈছিল।

২৫ গৰাকীক লোক গৰাকীক আদালতত হাজিৰ কৰোৱা হৈছিল বুলি জানিব পৰা গৈছে।

আনহাতে, ২৭ জুনত পুনৰ লোকগৰাকীক আদালতত হাজিৰ কৰা হৈছিল আৰু তেওঁৰ নমুনা ক’ৰ’না ভাইৰাছৰ পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছিল।

ক’ৰ’না আক্ৰান্ত লোক গৰাকীক বৰ্তমান আগৰতলাৰ হাপানীয়াত থকা কোভিদ কেয়াৰ হস্পাতালত ভৰ্তি কৰোৱা হৈছে।

Related News