NORTHEAST NOW (Assamese)
Popular Stories

কৃষক নেতা অখিল গগৈৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 11, 2021 2:02 pm
AKHILGOGOI

উচ্চতম ন্যায়ালয়ে জামিন নাকচ কৰিছে কৃষক নেতা অখিল গগৈৰ।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন ভি ৰামানা, সুৰ্য কান্ত আৰু অনিৰুদ্ধ বসুৰ তিনিজনীয়া বিচাৰপীঠে কৃষক নেতা অখিল গগৈৰ জামিন আবেদন খাৰিজ কৰিছে।

“আমি এই পৰ্যায়ত আবেদনখন বিবেচনা কৰিব নোৱাৰিম।” উচ্চতম ন্যায়ালয়ৰ তিনি ন্যায়াধীশৰ বিচাৰপীঠে এইদৰে কয়।

ইয়াৰ পূৰ্বে যোৱা ৭ জানুৱাৰিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতাগৰাকীৰ জামিন নামাঞ্জুৰ কৰিছিল।

গুৱাহাটী উচ্চ ন্যায়ালায়ে অখিল গগৈৰ জামিন খাৰিজ কৰাৰ পিছত কৃষক নেতাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল।

উল্লেখযোগ্য যে, কা-বিৰোধী আন্দোলনৰ সময়তে ৰাজ্যৰ কেইবাখনো থানাত অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। তাৰে দুটা গোচৰ NIA ই তদন্তৰ বাবে লৈছিল।

অখিলৰ বিৰুদ্ধে চাবুৱা থানাত ৬ টা, ডিব্ৰুগড়ত ১ টা, গৌৰীসাগৰ থানাত ১ টা, শিৱসাগৰ থানাত ১ টা, টিয়ক থানাত ১টা, যোৰহাট থানাত এটা আৰু ক্ৰাইম ব্ৰাঞ্চত এটা আৰু চান্দমাৰি থানাত ১ টা গোচৰ ৰুজু হৈছিল।

চান্দমাৰি থানাক বাদ দি বাকীকেইটা গোচৰত ইতিমধ্যে জামিন লাভ কৰিলে অখিলে।

যোৱা এবছৰে কাৰাৰুদ্ধ অখিল গগৈ বিভিন্ন ৰোগত আক্ৰান্ত হৈ বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে।