NORTHEAST NOW (Assamese)

জাফ্ৰাবাদ হিংসা: দেৱাংগনা কলিতাসহ ১২গৰাকীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল দিল্লী আৰক্ষীৰ

June 2, 2020 10:06 pm · ৰূপা সৰকাৰ
দেবাংগনা কলিতা আৰু নাটাশা নাৰৱাল। উৎস ইণ্টাৰনেট

দিল্লী আৰক্ষীয়ে কা-বিৰোধী হিংসাত্মক প্ৰতিবাদত জৰিত থকাৰ অভিযোগত অসমৰ দেৱাংগনা কলিতাসহ ১২গৰাকী লোকৰ বিৰুদ্ধে মঙলবাৰে অভিযোগনামা দাখিল কৰিছে।

হিংসাত্মক ঘটনাত জৰিত থকাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰৰ কেইদিনমানৰ ভিতৰতে আৰক্ষীয়ে এই অভিযোগনামা দাখিল কৰিছে।

সূত্ৰমতে, সকলোকেইগৰাকী অভিযুক্ত জাফ্ৰাবাদৰ হিংসাত জৰিত বুলি অভিযোগনামাত কোৱা হৈছে।

আৰক্ষীয়ে দেৱাংগনা কলিতাক জাফ্ৰাবাদ হিংসাৰ অন্যতম ষড়যন্ত্ৰকাৰী বুলি অভিযোগনামাত উল্লেখ কৰিছে।

সূত্ৰমতে, হিংসা সম্বন্ধীয় হোৱাটছএপ বাৰ্তা পৰীক্ষা কৰাৰ পিছত আৰক্ষীয়ে এই সিদ্ধান্তত উপনীত হৈছে।

সূত্ৰসমূহে লগতে জনোৱা মতে দিল্লী আৰক্ষীৰ অভিযোগনামাত ওমৰ খালিদৰ নামো উল্লেখ আছে।

শেহতীয়াকৈ আন এটা গোচৰত তীছ হাজাৰী আদালতৰ পৰা দেৱাংগনা কলিতাই জামিন লাভ কৰিছিল।

যোৱা ২৪ মে’ত দিল্লী আৰক্ষীয়ে এম ফিলৰ ছাত্ৰী দেৱাংগনা কলিতা আৰু সতীৰ্থ নাতাশা নাৰৱালক গ্ৰেপ্তাৰ কৰিছিল।

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ছাত্ৰী দুগৰাকীক মুকলি কৰি দিয়াৰ বাবে দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

Related News