NORTHEAST NOW (Assamese)

প্ৰাক্তন মন্ত্ৰী ছিদ্দেক আহমেদৰ ঘৰত অভিযান দুৰ্নীতি বিৰোধী বিভাগৰ

August 28, 2018 8:31 pm · ৰাহুল চক্ৰবৰ্তী
Updated: August 28, 2018 8:32 pm

আয়ৰ সৈতে সামঞ্জস্য নথকা সম্পত্তিৰ গোচৰত প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ নেতা ছিদ্দেক আহমেদৰ কৰিমগঞ্জৰ নিলাম বজাৰত থকা বাসগৃহত মঙলবাৰে তালাচী চলাই অসমৰ দুৰ্নীতি বিৰোধী বিভাগে।

জানিব পৰা মতে ছিদ্দেকৰ বিৰুদ্ধে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত এই তালাচী চলোৱা হৈছে। সূত্ৰ অনুসৰি ৰিয়েল ইষ্টে’ট মাফিয়া আৰু ব্যৱসায়ী গোটৰ সৈতে আহমেদৰ অবৈধ সম্পৰ্ক থকা বুলি এজাহাৰখন দাখিল কৰা হৈছিল।

অভিযোগ মতে তালাচীৰ আগতীয়া উমান পাই আহমেদে ঘৰৰ পৰা পলায়ন কৰে। আন এক বিশেষ সূত্ৰ মতে তেওঁ বৰ্তমান গুৱাহাটীত আশ্ৰয় লৈ আছে।

আহমেদৰ ঘৰত কে’ পাথৰ আৰু কে’ বৰদলৈ নামৰ তদন্তকাৰী বিষয়া দুজনে তালাচী চলাইছিল।

জানিব পৰা মতে দলটো কৰিমগঞ্জৰ আবৰ্ত ভৱনত নিশাটো বাহৰ পাতিব।

Related News