NORTHEAST NOW (Assamese)
অসম

ধৃত গঁড় চিকাৰীয়ে লুকুৱাই থোৱা ঠাইৰ পৰা ৮৮ হেজাৰ টকা জব্দ কৰিলে কাজিৰঙাৰ নৰ্ডান ৰেঞ্জে

Posted by: কাজি জেইদুল ইছলাম August 28, 2018 8:53 pm
Cash seized from poacher

কাজিৰঙাৰ নৰ্ডান ৰেঞ্জ আৰু বিশ্বনাথ আৰক্ষীৰ যুটীয়া অভিযানত আজি চোৰাংচিকাৰীৰ কবলৰ পৰা গঁড়ৰ খড়্গ বিক্ৰীৰ ধন উদ্ধাৰ হৈছে। কাজিৰঙাৰ নৰ্ডান ৰেঞ্জে চতিয়াৰ আদাভেটিৰ পৰা শনিবাৰে গ্ৰেপ্তাৰ কৰা  চোৰাংচিকাৰী আব্দুল ৰচিদ ওৰফে লাঠিৱালাৰ পৰা উদ্ধাৰ কৰা হয় ৮৮ হেজাৰ নগদ ধন ৷

জানিব পৰা মতে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ শিলডুবিত ২৯ মে’ত সংঘটিত গঁড় হত্যাৰ সময়ত চিকাৰীক খাদ্যৰ যোগান ধৰা আৰু অস্ত্ৰ কঢ়িয়াই সহযোগ কৰাৰ বাবে আব্দুলে লাভ কৰিছিল নগদ এক লাখ টকা। উক্ত ধনৰাশিৰে ৮৮ হাজাৰ টকা আৰু দুখন বেংকৰ পাছবুক জব্দ কৰিছে কাজিৰঙাৰ নৰ্ডান ৰেঞ্জে।

উল্লেখযোগ্য যে ২০১৫ চনৰ মে’ মাহত এটা ৰাইফল আৰু ৩৫ জাই গুলিৰ সৈতে কাজিৰঙাৰ নৰ্ডান ৰেঞ্জৰ হাতত গ্ৰেপ্তাৰ হৈছিল আব্দুল ৰচিদ ৷ সম্প্ৰতি সেই গোচৰ আদালতত চলি থকাৰ সময়তেই জামিনত মুকলি হৈ তেওঁ পুনৰ গঁড় হত্যাত জড়িত হৈ পৰে।