NORTHEAST NOW (Assamese)
অসম

জিআৰপিৰ দ্বাৰা ৰঙিয়া ৰে’লৱে জংছনত প্ৰায় ১০ কিলো গাঞ্জা জব্দ

Posted by: মুকুট দাস August 28, 2018 8:57 pm
GANJA-678x381

চৰকাৰী ৰে’লৱে আৰক্ষীয়ে (GRP) আজি ৰঙিয়া ৰে’লৱে জংছনত প্ৰায় ১০ কিলো গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। ৰে’ল আৰক্ষীয়ে তেওঁলোকৰ নিয়মীয়া তালাচীৰ সময়ত এই গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

পুৱা প্ৰায় ৮-০০ বজাত ঘটনাৰ সৈতে জড়িত থকা এগৰাকী মহিলাক ৰে’ল আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিছে।

গাঞ্জাখিনিৰে সৈতে ৰঙিয়া ৰে’লৱে জংছনৰ প্ৰৱেশপথত ধৰা পৰা মহিলাগৰাকীক ছফিয়া খাতুন বুলি চিনাক্ত কৰা হৈছে।

খাতুনৰ ঘৰ পশ্চিম ত্ৰিপুৰা জিলাৰ সোণামুৰা আৰক্ষী থানাৰ অন্তৰ্গত কালাপানী গাঁৱত।

ভাৰতীয় দণ্ডবিধিৰ নিচাযুক্ত ঔষধৰ সৈতে জড়িত আইন— এনডিপিএছএৰ (NDPSA) ২০(গ) ধাৰাৰ অধীনত ৰঙিয়া জংছনত থকা চৰকাৰী ৰে’লৱে আৰক্ষী (GRP) থানাত ৪৮/১৮ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে। মহিলাগৰাকীক ইতিমধ্যে ন্যায়িক জিম্মালৈ লৈ যোৱা হৈছে।