NORTHEAST NOW (Assamese)
অসম

আবকাৰী বিভাগত ৰদবদল; ৮ গৰাকী আবকাৰী অধীক্ষকক বদলি

Posted by: এন ই নাও নিউজ March 1, 2019 7:38 pm

ৰাজ্যখনৰ বৃহত্তম সুৰা-ট্ৰেজেডিৰ পিছতে সষ্টম হৈ পৰা প্ৰশাসন তথা আবকাৰী বিভাগত কিছু সালসলনি হয়। ৮ গৰাকী আবকাৰী অধীক্ষকক বিভিন্ন ঠাইলৈ বদলি কৰা হয়।

এই অনুসৰি শোণিতপুৰৰ আবকাৰী অধীক্ষক ভূষণ শইকীয়াক গোলাঘাটলৈ, তিনিচুকীয়াৰ আবকাৰী অধীক্ষক হিমনজ্যোতি বৰাক যোৰহাটলৈ, হাইলাকান্দিৰ আবকাৰী অধীক্ষক গৌৰাংগ চৌধুৰীক দৰঙলৈ, কৰিমগঞ্জৰ আবকাৰী অধীক্ষক সুব্ৰত বিশ্বাসক বাক্সালৈ বদলি কৰা হয়।

একেদৰে ডিব্ৰুগড়ৰ আবকাৰী অধীক্ষক অজয় বায়নক ধুবুৰীলৈ, বনানি হোজাইক যোৰহাটৰ পৰা তিনিচুকীয়ালৈ, ধুবুৰীৰ আবকাৰী অধীক্ষক মানসজ্যোতি দাসক কৰিমগঞ্জলৈ, নগাঁৱৰ আবকাৰী অধীক্ষক মানৱী দাসক ডিব্ৰুগড়ৰ আবকাৰী অধীক্ষকৰ দায়িত্ব দিয়ে।