NORTHEAST NOW (Assamese)
অসম

সুৰা ট্ৰেজেডি: আজি ঘটনাস্থলীত উপস্থিত বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধি

Posted by: এন ই নাও নিউজ March 1, 2019 8:06 pm
01-03-19 Golaghat- All-party delegations visit Golaghat (2)

বিষাক্ত সুৰা পান কৰি বহু লোকে প্ৰাণ হেৰুওৱা তিতাবৰ মহকুমাৰ বৰহোলাত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ নেতৃত্বত ২১ জনীয়া এটা সৰ্বদলীয় প্ৰতিনিধি দল শুকুৰবাৰে উপস্থিত হয়।বৰহোলা চাহ বাগিচাত বিষাক্ত সুৰাই ৬২ জন লোকৰ প্ৰাণ কাঢ়ি নিছিল।

প্ৰতিনিধি দলটোৱে বৰহোলা চাহ বাগিচাত এখন সভাত অংশগ্ৰহণ কৰি ভুক্তভোগী নিহত পৰিয়ালৰ লোকৰ সৈতে বাৰ্তালাপ কৰে আৰু  বিষাক্ত সুৰা পানৰ ঘটনাৰ বিষয়ে বুজ লয়।

উপস্থিত ৰাইজে সুৰা পান কৰি মৃত্যু মুখত পৰা মৰ্মান্তিক ঘটনাটো আবকাৰী তথা আৰক্ষীৰ অৱহেলা তথা লালি গুৰ নিষিদ্ধ নকৰাৰ বাবেই সংঘটিত হোৱা বুলি অভিযোগ কৰে। তদুপৰি, ৰাইজে বৰহোলাৰ বিষাক্ত সুৰাকাণ্ডৰ সঠিক তদন্ত কৰি ঘটনাৰ সৈতে জড়িত আবকাৰী তথা আৰক্ষী বিষয়াসকলক উপযুক্ত শাস্তি প্ৰদানৰ দাবী তোলে।

01-03-19 Jorhat- All-party delegations visit jmc (1)
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৰোগীৰ অৱস্থাৰ বুজ লৈছে সৰ্বদলীয় প্ৰতিনিধি দলে। ফটো: য়ু বি

আনহাতে, ক্ষতিগ্ৰস্ত পৰিয়াললৈ ক্ষতিপূৰণৰ পৰিমান পাঁচ লাখ টকালৈ বৃদ্ধি কৰাৰ বাবেও দাবী জনায়। প্ৰতিনিধি দলটোৱে ৰাইজৰ দাবীসমূহ বিধানসভাত আলোচনা কৰি ক্ষতিপূৰণ পাঁচ লাখ টকালৈকে বৃদ্ধি কৰাৰ বিবেচনা কৰাৰ লগতে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষী বিষয়াক উপযুক্ত শাস্তি প্ৰদানৰ আশ্বাস দিয়ে।

সৰ্বদলীয় প্ৰতিনিধি দলটোৱে বিষাক্ত সুৰা পানৰ পাছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ অৱস্থাৰো বুজ লয়। তদুপৰি, পিতৃ-মাতৃহীন শিশুৰ পুনৰ সংস্থাপনৰ বাবে আঁচনিৰ পৰিকল্পনা সম্পৰ্কত চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ কথাও সদৰী কৰে বিধানসভাৰ অধ্যক্ষ গোস্বামীয়ে।

আজি ঘটনাৰ বুজ ল’বলৈ যোৱা সৰ্বদলীয় প্ৰতিনিধি দলটোত অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ উপৰি আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, মন্ত্ৰী পল্লৱলোচন দাস, অগপৰ সভাপতি অতুল বৰা, কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন, অজন্তা নেওগ, ৰূপজ্যেতি কুৰ্মী, ৰ’জলীনা তিৰ্কী, এ আই ইউ ডি এফৰ আমিনুল ইছলাম, অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ব‌িজেপ‌িৰ তেৰচ গোৱালা, সঞ্জয় কিষাণ, মৃণাল শইকীয়া, ৰিতুপৰ্ণ বৰুৱা, বিমল বৰা আৰু দেবানন্দ হাজৰিকা।