প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

পৰীক্ষাত নকল আৰু প্ৰশ্নকাকত ফাদিল ৰোধ কৰাৰ উদ্দেশ্যে সংসদত গৃহীত হোৱা ‘চৰকাৰী পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬’ত অনুমোদন প্ৰদান কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। শুকুৰবাৰে আইন আৰু ন্যায় মন্ত্ৰালয়ে জাৰি কৰা এক চৰকাৰী অধিসূচনা যোগে এই কথা সদৰী কৰা হৈছে। চলিত সপ্তাহৰ আৰম্ভণিতে সংসদৰ দুয়োখন সদনত এই বিধেয়কখন গৃহীত হৈছিল।
কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিয়া মতে, এই সংশোধনীয়ে পৰীক্ষাসমূহৰ স্বচ্ছতা সুদৃঢ় কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ ৰক্ষা কৰাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ কেইবাটাও দলৰ সদন ত্যাগৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যসভাত বিধেয়কখন গৃহীত হয়। ইয়াৰ এদিন পূৰ্বে লোকসভাই বিধেয়কখনত অনুমোদন জনাইছিল।
সংসদত বিধেয়কখন গৃহীত হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইনষ্টাগ্ৰামত এটি ভিডিঅ’ বাৰ্তা যোগে কয় যে প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ এক গুৰুত্বপূৰ্ণ কাম সম্পন্ন হৈছে। পৰীক্ষা ব্যৱস্থাত অসাধু উপায় অৱলম্বন কৰা চক্ৰক কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰে নিৰন্তৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে পৰীক্ষা ব্যৱস্থাক শক্তিশালী কৰাটো এতিয়া অতিৱশ্যকীয় হৈ পৰিছে। “প্ৰশ্নকাকত ফাদিল কৰা মাফিয়াই যাতে কোনো কাৰণতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে খেলিব নোৱাৰে, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰে কাম কৰি আছে,” প্ৰধানমন্ত্ৰীয়ে লগতে কয়।
এই সংশোধিত আইনখনৰ অধীনত, পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা বা অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱা ব্যক্তিক পাঁচৰ পৰা দহ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে ৫০ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব। আনহাতে, সংঘবদ্ধ অপৰাধৰ ক্ষেত্ৰত এই আইনে সৰ্বনিম্ন সাত বছৰৰ কাৰাদণ্ড আৰু দহ কোটি টকাতকৈ কম নোহোৱাকৈ জৰিমনাৰ কঠোৰ ব্যৱস্থা কৰিছে।