NORTHEAST NOW (Assamese)

অন্ধবিশ্বাসবিৰোধী কৰ্মী পদ্মশ্ৰী বীৰুৱালা ৰাভাৰ পৰলোকপ্ৰাপ্তি

May 13, 2024 10:45 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 15, 2024 3:20 pm

অন্ধবিশ্বাসবিৰোধী কৰ্মী বীৰুৱালা ৰাভাৰ আজি পুৱা ৯ বাজি ২৩মিনিটত মৃত্যু হয়৷বীৰুৱালা ৰাভা দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল৷বীৰুৱালা ৰাভাৰ জন্ম ১৯৫৪ চনত হৈছিল৷ ভাৰতত ডাইনী হত্যাৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা এগৰাকী কৰ্মী হিচাপে ৰাভাই খ্যাতি লভিছিল। তেখেতৰ ঘৰ অসমৰ গোৱালপাৰাত।

তেওঁ মিছন বীৰুৱালা নামৰ এটা সংস্থা চলাইছিল যিয়ে ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতা বিয়পাই আহিছে ।অসম চৰকাৰে ডাইনী হত্যা প্ৰতিৰোধ আৰু সুৰক্ষা আইন, ২০১৫ গৃহীত কৰাত ৰাভাৰ ভূমিকা আছিল যথেষ্ট তাৎপৰ্যপূৰ্ণ।ভাৰত চৰকাৰে তেওঁক ২০২১চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে৷

অন্ধবিশ্বাস তথা ডাইনী বিৰোধী সমাজকৰ্মী বিৰুৱালা ৰাভাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ অন্যতম যুক্তিবাদী, অন্ধবিশ্বাস বিৰোধী নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

পদ্মশ্ৰী বীৰুবালাৰ ৰাভাৰ মৃত্যুত দুখ প্ৰকাশ কৰি ডঃ শইকীয়াই কয় যে ২০০৬ বৰ্ষৰ পৰা ২০১১ বর্ষলৈ বীৰুৱালা ৰাভাক তেওঁ বিভিন্ন প্ৰকাৰে অন্ধবিশ্বাস বিৰোধী সংগ্ৰামত সহায় সহযোগ কৰি ডাইনী বিৰোধী আন্দোলন আগবঢ়াই নিয়া হৈছিল বুলি উল্লেখ কৰে। তেওঁ অন্ধবিশ্বাস বিৰোধী তথা ডাইনী কাণ্ড বিৰোধী আইনৰ পৰিবৰ্তে ব্যপক সজাগতাৰ পোষকতা কৰিছিল।

Related News