NORTHEAST NOW (Assamese)
অসম

চৰাইদেউত পুখুৰী খান্দোতে আৱিস্কাৰ হ’ল প্ৰাচীন মুদ্ৰা

Posted by: এন ই নাও নিউজ March 5, 2019 9:45 am
antique-coins-750x375

চৰাইদেউ জিলাত স্থানীয় লোকে পুখুৰী খান্দোতে শনিবাৰে এক বৃহৎ সংখ্যক প্ৰাচীন মুদ্ৰা আৱিস্কাৰ কৰে। এই মুদ্ৰাসমূহ ৩০০ বছৰ পুৰণি আহোম ৰাজত্বৰ বুলি অনুমান কৰা হৈছে।

চৰাইদেউ জিলাৰ উপায়ুক্ত দীপক কুমাৰ সন্দিকৈৰ উদ্ধৃতিৰে এটা বাতৰিত প্ৰকাশ পাইছে যে এমএনৰেগা(এম জি এন আৰ ই জি এ)ৰ হিতাধিকাৰী, নাহৰপুখুৰী পঞ্চায়তৰ জৱকাৰ্ড ধাৰী এজনে পুখুৰী খান্দোতে এই মুদ্ৰাখিনি উদ্ধাৰ হয়।

অৱশ্যে, উপায়ুক্ত গৰাকীয়ে সদৰী কৰে যে জিলা প্ৰশাসনে মাত্ৰ ১৬টা মুদ্ৰাহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিয়নো বেছি সংখ্যক মুদ্ৰা শ্ৰমিকসকলে ব্যক্তিগত স্মাৰক হিচাপে লগত লৈ যায়।

বাতৰিত প্ৰকাশ পাইছে যে আহোম আৰু মোগল যুগৰ এক সংখ্যক প্ৰাচীন মুদ্ৰা আৱিস্কাৰ কৰা হৈছে আৰু এই সংগ্ৰহ কৰা মুদ্ৰাখিনি পৰীক্ষাৰ বাবে পুৰাতত্ত্ব বিভাগলৈ প্ৰেৰণ কৰা হৈছে।

অসমত আহোম ৰাজবংশই প্ৰায় ৬০০ বছৰ কাল (১২২৮-১৮২৬) ৰাজত্ব কৰিছিল।

পাটকাই পৰ্বত অতিক্ৰমি অসমলৈ অহা মু মাওৰ এগৰাকী শ্বান বংশীয় ৰজা চাউল্যুং চুকাফাই আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল।